কথমপি ৰক্ষা পৰিল দুই সন্তানসহ মহিলাৰ প্ৰাণ।
নগাঁও - চামগুৰিত কথমপি ৰক্ষা পৰিল দুই সন্তানসহ এগৰাকী মহিলাৰ প্ৰাণ। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা দুই সন্তানসহ প্ৰাণ ৰক্ষা পৰিল প্ৰণতি বিশ্বাস নামৰ দৰিদ্ৰ মহিলা গৰাকীৰ। উৰুকাৰ নিশা চামগুৰিৰ জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাইছিল বনৰীয়া হাতীৰ জাকে।
উৰুকাৰ নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত তাণ্ডৱ চলালে বনৰীয়া হাতীৰ জাকে। নগাঁও জিলাৰ চামগুৰিৰ ১ নং ভৰাগুৰিত বনাঞ্চলৰ পৰা বনৰীয়া হাতীৰ জাক ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ চলায়। বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটোত তাণ্ডৱ চলাই চাৰিজনকৈ লোকৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে মানুহকো আক্ৰমণ চলায়।
নিশা বনৰীয়া হাতীৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে দুই সন্তানসহ প্ৰণতি বিশ্বাস নামৰ এগৰাকী দৰিদ্ৰ মহিলাৰ। স্থানীয় ৰাইজে নিশাৰ ভাগতে বন বিভাগক বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই থকাৰ খবৰ দিয়ে যদিও বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে ৰাইজ।
ইফালে মাঘ বিহুৰ আনন্দৰ মাজতে বৃহস্পতিবাৰে বিশ্বনাথত সংঘটিত হয় এক শোকাবহ ঘটনা। বিশ্বনাথত হাতীৰ আক্ৰমণত নিহত হয় এজন মাউত। বৃহস্পতিবাৰে পুৱাৰ ভাগতে পৰা বিশ্বনাথ চাৰিআলিত এটা হাতীয়ে সন্ত্ৰাস চলাই পথ অৱৰোধ কৰি ৰখাৰ লগতে গছকি হত্যা কৰে আহমেদ আলী নামৰ এজন মাউতক।