ৰাজ্যজুৰি ভোগালীৰ উৎসাহ:মুখ্যমন্ত্ৰীয়ে অংশ ললে মাৰ্ঘেৰিটাত
মুখ্যমন্ত্ৰীয়ে অংশ ললে মাৰ্ঘেৰিটাতইষ্ট ম'জ'

ৰাজ্যজুৰি ভোগালীৰ উৎসাহ:মুখ্যমন্ত্ৰীয়ে অংশ ললে মাৰ্ঘেৰিটাত

উৰুকাৰ ভোজৰ বাবে বজাৰত ভিৰ

নিউজ ডেক্স: ভোগালী বিহুক লৈ ৰাজ্যজুৰি মাৰ্ঘেৰিটাত ভোগালীৰ উৰুকাত উখল-মাখল পৰিৱেশ।ভোগালী উৎসৱত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সোণোৱালৰ।মাৰ্ঘেৰিটাৰ ৰাজখোৱা পথাৰ বাকৰি, আলুবাৰীত আয়োজিত ভোগালী বিহু অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে অসমবাসীলৈ ভোগালীৰ ওলগ জনাই |

যোৰহাটতো উৰুকাৰ উচাহ
যোৰহাটতো উৰুকাৰ উচাহইষ্ট ম'জ

ঐতিহাসিক ৰজাদিনীয়া পৰম্পৰা অক্ষুন্ন ৰাখি সোণাপুৰৰ বমাণী বিলত সমূহীয়া মৎস্য চিকাৰ ৷ তেতেলীয়াৰ ৰজা পানবৰ ৰংপে বমাণী বিলৰ পাৰত পূজা কৰাৰ পাছতেই সমূহীয়া মৎস্য চিকাৰ ৷ উৰুকাৰ বতৰত বঙাইগাঁৱৰ ঐতিহাসিক তামৰঙা বিলত মাছৰ উজান। চিতল, ভকুৱা, আৰি মাছ বিচাৰি গ্ৰাহকৰ ভিৰ।

ভোগালীক আদৰিবলৈ সাজু নলবাৰীবাসী। বড়ি-ঠুটিকাটাৰ বজাৰত বিৰ দি বাট নোপাৱা অৱস্থা। পুৱতি নিশা পছন্দৰ মাছ বিচাৰি বজাৰত গ্ৰাহকৰ ভিৰ।

তামৰঙাৰ মাছ
তামৰঙাৰ মাছতামৰঙাৰ মাছ

লোকবিশ্বাস অনুসৰিয়েই মৰাণৰ কেইবাখনো গাঁও বিৰত আছে উৰুকাৰ আয়োজনৰ পৰা। ভোজ ভাত খোৱা , মেজি আদি জ্বলালে অপায় অমংগল হয় বুলি ৰাইজৰ বিশ্বাস সেইবাবে এই গাওবাসীয়ে আয়োজন নকৰে মাঘ বিহুৰ উৰুকা |

উৰুকাৰ বাবে নাছি-বাগি মাছ ধৰিবলৈ বিলত নামিল বিধায়িকা আঙুৰলতা ডেকা।

যোৰহাটতো উৰুকাৰ উচাহ। লগে-ভাগে এসাঁজ খাবলৈ সাজু গঞা ৰাইজ। সাজু দিল্লী পাব্লিক স্কুলৰ শিক্ষক-শিক্ষাৰ্থী।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com