কৃষি আইন প্ৰয়োগ কৰাত বাধা উচ্চতম ন্যায়ালয়ৰ
কৃষি আইন প্ৰয়োগ কৰাত বাধা উচ্চতম ন্যায়ালয়ৰপ্ৰতিনিধিত্বমূলক ছবি

কৃষি আইন প্ৰয়োগ কৰাত বাধা উচ্চতম ন্যায়ালয়ৰ

চাৰিজনীয়া নতুন উচ্চস্তৰীয় কমিটি গঠন কৰি কৃষি বিশেষজ্ঞৰ সৈতে আলোচনাৰ নিৰ্দেশ

নিউজ ডেক্স: উচ্চতম ন্যায়ালয়ে অবশেহত কৃষি আইন প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিলে | মঙলবাৰে ন্যায়ালয়ে এই নিৰ্দেশ দিয়াৰ লগতে এই আইন তিনি খনক লৈ নতুন উচ্চস্তৰীয় কমিটি গঠন কৰি কৃষি বিশেষজ্ঞৰ লগতে কৃষক সংঘৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ নিৰ্দেশ দিয়ে |

ন্যায়ালয়ে গঠন কৰি দিয়া কমিটি খনত ভাৰতীয় কৃষান ইউনিয়নৰ ভুপিন্দৰ সিং মান, অনিল ঘান্টৱাত, ড° প্ৰমোদ যোশী, কৃষি বিশেষজ্ঞ অশোক গুলাটীক দায়িত্ব দিছে |তেওলোকৰ ৰিপ'ট নোপোৱালৈকে এই আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰে |

সোমবাৰে তিনি কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত ন্যায়ালয়ে চৰকাৰৰ ভুমিকাক লৈ অসন্তোষ্টি প্ৰকাশ কৰিছিল |

কেন্দ্ৰই গণৰাজ্য দিৱসত ২৬ জানুৱাৰী কৃষকৰ ট্ৰেক্টৰ ৰে’লত নিষিদ্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত দিল্লী আৰক্ষীয়ে দাখিল কৰা আবেদনৰ ওপৰতো ন্যায়ালয়ে শুনানী কৰে |

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com