অসম পালেহি কৰোনাৰ প্ৰতিষেধক কঢ়িয়াই অনা প্ৰথমখন বিমান
নিউজ ডেক্স: গুৱাহাটী আহি পালে কোৰোণাৰ ভেকচিন, স্পাইচজেটৰ বিমানেৰে আহিল ২০ টা বাকচত আহিছে ১২ হাজাৰ ড’জ।ইয়াৰে ১৭ টা বাকচ অসমৰ বাবে ৩ টা মেঘালয়ৰ। প্ৰতিটো বাকচত ১২ হাজাৰ ভেকচিন Iপুণেৰ পৰা গুৱাহাটীলৈ আহিছে এই ভেকচিন সমূহ |
দেশজুৰি অহা ১৬ জানুৱাৰীৰ পৰা কোৰোনাৰ ভেকচিনৰ টিকাকৰণ আৰম্ভ হ’ব। খবৰ অনুসৰি প্ৰথমে ফ্ৰন্টলাইন কৰ্মচাৰী সকলক এই ভেকচিন প্ৰদান কৰা হ’ব। দেশজুৰি প্ৰথম পৰ্যায়ত ভেকচিন লোৱাৰ বাবে ১ কোটি স্বাস্থ্য কৰ্মচাৰী আৰু ২ কোটি ফ্ৰন্টলাইন কৰ্মচাৰীক কোৰোনাৰ খৰচ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীৰ ফাণ্ডৰ পৰা।
উল্লেখ্য যে যোৱা সপ্তাহত চিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই কোৰোনা ভাইৰাছৰ প্ৰতিষেধক কোভিশ্বীল্ড আৰু ভাৰত বায়োটেকৰ কোভাশ্বিনৰ তৎকালীন ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছিল। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে দেশত ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা টিকাকৰণ অভিযানৰ বাবে ৬ কোটিৰো অধিক ভেকচিন কিনিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি এই ভেকচিনত সম্পূৰ্ণ খৰছৰ মূল্য প্ৰায় ১৩০০ কোটি টকা হ’বগৈ। এতিয়া প্ৰধানমন্ত্ৰীৰ পুঁজিৰ পৰাই ইয়াক বহন কৰিব বুলি উল্লেখ কৰিছে |