ভোগালীৰ আয়োজনত ব্যস্ত বিধায়িকা আঙুৰলতা ডেকাপিঠা পনা বনোৱা লগতে ঢেঁকীৰ গোমগোমনীত জলপান প্ৰস্তুত কৰা ব্যস্ত বিধায়িকা আঙুৰলতা ডেকা
ASSAMESE NEWS
ভোগালীৰ আয়োজনত ব্যস্ত বিধায়িকা আঙুৰলতা ডেকা।
পিঠা পনা বনোৱা লগতে ঢেঁকীৰ গোমগোমনীত জলপান প্ৰস্তুত কৰা ব্যস্ত বিধায়িকা আঙুৰলতা ডেকা।
নগাঁও - ৰাজ্যজুৰি ভোগালীৰ উলহ মালহ পৰিৱেশ। ভোগালীক আদৰিবলৈ ব্যস্ত ৰাজ্যবাসী। ৰাজ্যবাসীৰ সমান্তৰালে ভোগালী বিহুৰ আয়োজনত ব্যস্ত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা।
সদায় ব্যতিক্রমী ৰূপত দেখা পোৱা বিধায়িকা আঙুৰলতা ডেকা পুনৰ অন্য এক ৰূপত। নিজ সমষ্টিৰ জাজৰিত বিধায়িকাগৰাকীয়ে ভোগালী বিহু উপলক্ষে পৰম্পৰাগতভাৱে পিঠা পনা বনোৱা লগতে ঢেঁকীৰ গোমগোমনীত জলপান প্ৰস্তুত কৰা দেখিবলৈ পোৱা গল।
এনে বুঢ়ি নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া সেয়েহে এপাক কঁকাল ভাঙি নানাচি থাকে কেনেকৈ? অকল নাচেই নহয় বিহু গীত জুৰি নাচিলে হালি-জালি বিধায়িকা আঙুৰলতা ডেকা।
প্ৰতিজন অসমীয়াই ভোগৰ উৎসৱটিক আদৰিবলৈ লোৱাৰ সময়তে বটদ্ৰৱা সমষ্টিতো চলিছে ভোগালী বিহুকলৈ ব্যাপক প্ৰস্তুতি। বিশেষকৈ এগৰাকী বিধায়িকা হোৱাৰ পিছতো নিজৰ জাতিৰ প্ৰতি থকা দায়ৱদ্ধতা সঁচাকৈয়ে শলাগ লবলগীয়া।