অভিনেত্ৰী মৌনী ৰয়ৰ ফটো নিজৰ টুইটাৰত শ্বেয়াৰ কৰি ৰোষত পৰিল এনএছ ই
নিউজ ডেস্ক- শ্বেয়াৰ কৰিবলৈ লাগিছিল বেলেগ আৰু শ্বেয়াৰ কৰিলে বেলেগ। ভুল হৈ গ'ল এনএছইৰ। বলীউদ অভিনেত্ৰী মৌনী ৰয়ৰ আপত্তিজনক ফটো শ্বেয়াৰ কৰি ৰোষত পৰিল এনএছই(National Stock Exchange). এনএছইয়ে নিজৰ অফিচিয়েল টুইটাৰ একাউন্টত শ্বেয়াৰ কৰিলে মৌনী ৰয়ৰ কিছুমান আপত্তিজনক ফটো। লগে লগে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল এই ফটো।
নিজৰ ভুলৰ কথা গম পাই এনএছইয়ে লগে লগে নিজৰ টুইটাৰ একাউন্টৰ পৰা ডিলিট কৰে মৌনী ৰয়ৰ ফটো লগতে এই ভুলৰ ক্ষমাও বিচাৰে। টুইটাৰত এনএছইয়ে লিখে, 'দুপৰীয়া ১২বাজি২৫ মিনিটত এনএছই টুইটাৰ হেণ্ডেলত ভুলতে এটা প’ষ্ট প্ৰকাশ হৈছিল। এই ভুল এনএছইৰ একাউন্ট চলোৱা এটা এজেন্সীৰ দ্বাৰা হোৱা এটা ভুল। কিন্তু হেক হোৱা নাই। এই সমস্য়াৰ বাবে আমি আমাৰ ফ’লৱাৰ্ছক ক্ষমা বিছাৰিছো।'
ইতিমধ্য়ে এই ফটোকলৈ ছচিয়েল মিডিয়াত নানা ধৰণৰ ট্ৰল আৰম্ভ হৈ গৈছে।
এন এছ ইয়ে ক্ষমা বিচৰাৰ পাছতো য়ুজাৰ্ছসকলে ছচিয়েল মিডিয়াত ট্ৰল কৰিয়েই থাকিল। কোনোৱে লিখিছে ,’STOCK OF THE DAY’ ৰ অৰ্থ এইটোৱেই নেকি? আৰু কোনোৱে আকৌ লিখিছে, 'ইয়াতকৈ ছেক্সী ভুল কিন্তু আজিলৈকে দেখা নাই। কোনোবাই ভুল কৰিবলৈ এনএছইৰ পৰা শিকক।'