নিৰ্বাচন আয়োগৰ দুদিনীয়া অসম ভ্ৰমন
ডিব্ৰুগড়ত উজনি অসমৰ উপায়ুক্ত আৰক্ষী অধীক্ষকৰে বৈঠকইষ্ট ম'জ'

নিৰ্বাচন আয়োগৰ দুদিনীয়া অসম ভ্ৰমন

ডিব্ৰুগড়ত উজনি অসমৰ উপায়ুক্ত আৰক্ষী অধীক্ষকৰে বৈঠক

ডিব্ৰুগড়: অসমত নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে। দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে নিৰ্বাচন আয়োগৰ ছয়জনীয়া প্ৰতিনিধি। নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান ধৰ্মেন্দ্ৰ শৰ্মাৰ নেতৃত্বত অহা দলটোৱে ৰাজ্যৰ পৰিস্থিতি সম্পৰ্কে আলোচনাত অংশ লয় | বিশেষ সুত্ৰে প্ৰকাশ কৰা মতে ১৪সংখ্যাক অসম বিধানসভাৰ নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে দেশৰ নিৰ্বাচন আয়োগ৷ ব'হাগ বিহুৰ পূৰ্বে দুটা পৰ্যায়ত আৰু বিহুৰ পিছত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে | নিৰ্বাচন আয়োগৰ ৬ জনীয়া উচ্চস্তৰীয় দলে সেইবাবেই সোমবাৰৰ পৰা আৰম্ভ কৰিছে অসম ভ্ৰমণ৷ দলটোৱে সোমবাৰে ডিব্ৰুগড়ত উজনি অসমৰ ২০ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে আৰম্ভ কৰে পৰ্যালোচনা বৈঠক৷

মঙলবাৰে গুৱাহাটীত দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰিব নিৰ্বাচন আয়োগৰ দলটোৱে৷ এই বৈঠকত মুখ্য সচিব জিষ্ণু বৰুৱা, DGP ভাস্কৰজ্যোতি মহন্ত, বিশেষ শাখাৰ ADGP হীৰেন নাথ আৰু জিলা উপায়ুক্ত তথা আৰক্ষী অধীক্ষকসকল উপস্থিত থাকিব৷ বহাগ বিহু আগে পাছে তিনিটা পৰ্যায়ত নিৰ্বাচন পতাৰ বাবে সাজু হোৱা বিষয়টোৰ সম্পৰ্কে নিৰ্বাচনী বিষয়াৰ দলটোৱে উভতি গৈ দাখিল কৰা প্ৰতিবেদনৰ ওপৰতেই নিৰ্ভৰ কৰিব | এইবাৰৰ নিৰ্বাচনত ক'ভিড-১৯ ৰ বিষয়টোৱেও গুৰুত্ব পাব | যোৱা অসম বিধানসভাৰ নিৰ্বাচনত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা আছিল ২৪,৮৮৮টা৷ এইবাৰ এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাবনাই অধিক |

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com