কৃষ্ণগুৰু সেৱাশ্ৰমত অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং
কৃষ্ণগুৰু সেৱাশ্ৰমত অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিংপ্ৰতিনিধিত্বমূলক ছবি

কৃষ্ণগুৰু সেৱাশ্ৰমত অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং

মন্দিৰ মছজিদত সেৱা লৈ কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দল দুৰ কৰাৰ চেষ্টা

নিউজ ডেক্স: দলীয় আভ্যন্তৰীণ কন্দল দূৰ কৰি দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰিবলৈ অসমত বাহৰ পাতিছে কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিং |দলীয় নেতা কৰ্মীৰ লগতে মন্দিৰে মছজিদে আশীষ লৈ ফুৰিছে তত্বাবধায়ক জন |নামনি অসমত বিভিন্ন সভা সমিতিত অংশ লৈছে প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জন |

সোমবাৰে সদলবলে নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং। আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ কৃষ্ণ গুৰু সেৱাশ্ৰম দৰ্শন কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে ।

কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ গুৰুগৃহত প্ৰৱেশ কৰিলে জিতেন্দ্ৰ সিঙে । সংগ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। লগত থাকিল সাংসদ প্ৰদ্যুত বৰদলৈ |

কৃষ্ণগুৰু সেৱাশ্ৰম দৰ্শন কালত আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ লগতো এক বৈঠকত মিলিত হয় । ইয়াৰ পিছতে পাকা বেটবাৰী আৰু সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত বুথ সন্মিলনত অংশ লয় তত্বাবধায়ক জিতেন্দ্ৰ সিং |

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com