ৰহাৰ ভেলাঘৰত স্থান পালে কৰোনা ভাইৰাচেপ্ৰতিনিধিত্বমূলক ছবি
ASSAMESE NEWS
এইবাৰ ৰহাৰ ভেলাঘৰত স্থান পালে কৰোনা ভাইৰাচে
বাপতিসাহোন ভোগালী বিহুৰ প্ৰস্তুতি তুংগত সমগ্ৰ ৰাজ্যতে
নিউজ ডেক্স: বিহুলৈ মাজত মাথোঁ কেইটামান দিন | ৰাজ্যৰ সকলোতে এতিয়া ভোগালী বিহুৰ প্ৰস্তুতি | যোৱা বৰ্ষত কা আন্দোলনৰ বাবে সমগ্ৰ ৰাজ্যখনতে এক জটিল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবেই বিহুৰ আয়োজনতো প্ৰভাব পৰিছিল | যোৱা আঠ বছৰ ধৰি এইবাৰো ভোগালীৰ আয়োজন পূৰ্ণোদম্যে চলিছে ৰাজ্যখনত | নগাঁও জিলাৰ ৰহাৰ ভোগালী বিহুৰ আয়োজন বিশেষভাবে আকৰ্ষণৰ কাৰণ হৈ আহিছে | আগৰ দৰে এই বছৰো নগাঁও জিলাৰ ৰহাৰ আমনিশালীৰ ভগৱান সেনাপতি নামৰ শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এক ব্যতিক্ৰমী ভেলাঘৰ।
পাৰ হৈ যোৱা বৰ্ষটোত সমগ্ৰ পৃথিৱী শংকিত কৰি তোলা মহামাৰী ক’ৰোনাৰ পৰা পৃথিৱীখনক উদ্ধাৰৰ বাবে এক সজাগতাৰ লক্ষ্যৰে নতুন আৰ্হিৰে শিল্পী ভগৱান সেনাপতিয়ে নিৰ্মাণ কৰি উলিয়াইছে এইবাৰৰ ভেলাঘৰ। বিগত বছৰৰ ডিচেম্বৰৰ ৭ তাৰিখৰ পৰা কাম আৰম্ভ কৰা ভগৱান সেনাপতিয়ে ইতিমধ্যে সমাপ্ত কৰিছে ভেলাঘৰটোৰ কাম।