গ্ৰন্থমেলাত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয় গ্ৰন্থৰ বিক্ৰী।
গ্ৰন্থমেলাত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয় গ্ৰন্থৰ বিক্ৰীঅসমীয়াত অনুবাদীত কোৰাণ বিচাৰি গ্ৰন্থমেলাৰ কিতাপৰ বিপণী সমূহত ভিৰ কৰিছে ৰাইজে

গ্ৰন্থমেলাত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয় গ্ৰন্থৰ বিক্ৰী।

অসমীয়াত অনুবাদ কৰা কোৰাণ বিচাৰি গ্ৰন্থমেলাৰ বিপণীত সমূহত ভিৰ

গুৱাহাটী - ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয় গ্ৰন্থৰ বিক্ৰী। অসমীয়াত অনুবাদ কৰা কোৰাণ বিচাৰি গ্ৰন্থমেলাৰ কিতাপৰ বিপণী সমূহত ভিৰ কৰিছে ৰাইজে। ইছলাম ধৰ্মীয় লোকৰ তুলনাত অন্য ধৰ্মৰ মানুহে অধিক ক্ৰয় কৰিছে কোৰাণৰ লগতে অন্যান্য ইছলাম ধৰ্মীয় গ্ৰন্থ। বিশেষকৈ নৱপ্ৰজন্মই বিচাৰিছে হজৰত মহম্মদৰ জীৱনৰ ওপৰত আধাৰিত গ্ৰন্থ।

দেওবাৰে ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ অন্তিমটো দিন। কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে অনুষ্ঠিত হোৱা গ্ৰন্থমেলাখনে ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হ'ব নে নাই, ইয়াকে লৈ সন্দেহ আছিল আয়োজকৰ।গ্ৰন্থমেলাখনে কিন্তু ৰাইজৰ যি ধৰণৰ সঁহাৰি লাভ কৰিলে এইয়া সপোনটো চাগে ভবা নাছিল আয়োজকে।

গ্ৰন্থমেলাৰ বাকৰিত প্ৰতিদিনে গড়ে ৪০ হাজাৰ লোকে ভিৰ কৰি ৮ কোটিতকৈও অধিক টকাৰ গ্ৰন্থ ক্ৰয় কৰাটো ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ বাবে এক বৃহৎ অভিলেখ। ৮ কোটিতকৈও অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে এইবাৰ গ্ৰন্থমেলাত। গ্ৰন্থপ্ৰেমী ৰাইজে বহু অখ্যাত লেখকৰ গ্ৰন্থও আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে এইবাৰ গ্ৰন্থমেলাত।

নৈশবাছ চালক ৰূপম দত্তৰ "লাইফ অৱ এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে" এইবাৰ গ্ৰন্থমেলাৰ বাকৰিত সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ অভিলেখ সৃষ্টি কৰাৰ মাজতে গ্ৰন্থমেলাৰ কিতাপৰ বিপণী সমূহত দেখা গৈছে ইছলাম ধৰ্মীৰ গ্ৰন্থৰ ব্যাপক বিক্ৰী। বিশেষকৈ অসমীয়া ভাষাত অনুবাদীত কোৰাণৰ বিক্ৰী ব্যাপক হাৰত বৃদ্ধি পাইছে।

গ্ৰন্থমেলাত কোৰাণৰ আৰু বিভিন্ন ইছলাম ধৰ্মীয় গ্ৰন্থ লৈ অহা অসমীয়া ইছলামি সাহিত্য প্ৰকাশনৰ ৱাহিদুৰ ৰহমানে কয় "অসমীয়াৰ লগতে অন্যান্য ভাষাত অনুবাদীত কোৰাণৰ বিক্ৰী এইবাৰ বৃদ্ধি পোৱাৰ লগতে হজৰত মহম্মদৰ জীৱনী আৰু এজন ব্ৰাহ্মণৰ দৃষ্টিত কোৰাণ এই গ্ৰন্থ কেইখনৰ বিক্ৰী ব্যাপক হাৰত হৈছে"। বিগত সময়ছোৱাত কোৰাণ আৰু ইছলাম ধৰ্ম সন্দৰ্ভত বিভিন্ন জনে বিতৰ্কৰ সৃষ্টি কৰি থকাৰ বাবেই অন্যান্য ধৰ্মৰ মানুহে ইছলাম ধৰ্ম সন্দৰ্ভত জ্ঞান আহৰণ কৰিবলৈ ইছলামিক গ্ৰন্থ সমূহ ক্ৰয় কৰা বুলিও ৱাহিদুৰ ৰহমানে অনুমান কৰে।

ইফালে কোৰাণ ক্ৰয় কৰিবলৈ অহা এগৰাকী নৱ প্ৰজন্মৰ পাঠকে কয় যে "এটা বিশেষ ধৰ্মৰ মানুহে যে সেই ধৰ্মৰ গ্ৰন্থ পঢ়িব পাৰে তেনে কোনো কথা নাই। হিন্দু ধর্মৰ মানুহে ইছলাম ধৰ্মৰ আৰু ইছলাম ধৰ্মৰ মানুহে হিন্দু ধর্মৰ গ্ৰন্থ অধ্যয়ন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে"। নৱ প্ৰজন্মই সকলো ধৰ্মৰে গ্ৰন্থ অধ্যয়ন কৰি সকলো ধৰ্মৰ নীতি-নিৰ্দেশনা বিষয়ে জ্ঞান আহৰণ কৰাটো বৰ্তমান সময়ত অতিকৈ প্ৰয়োজন বুলিও কয় পাঠক গৰাকীয়ে।

ইফালে বিশ্বৰ ৮০ টা ভাষাত কোৰাণ অনুবাদ কৰা আহমদীয়া মুছলিম জামাতৰ বিপণীখনটো অসমীয়া ভাষাত অনুবাদীত কোৰাণ ক্ৰয় কৰিবলৈ ৰাইজৰ ভিৰ পৰিলক্ষিত হয়। আহমদীয়া মুছলিম জামাতৰ গুৱাহাটী মণ্ডলৰ তত্বাৱধায়ক জেহৰুল হকে কয় যে আহমদীয়া মুছলিম জামাতে বিগত বহু বছৰ ধৰি গ্ৰন্থমেলাত অংশগ্ৰহন কৰি আহিছে যদিও এইবাৰ পাঠক ৰাইজৰ বিশেষ সঁহাৰি দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মীয় গ্ৰন্থৰ প্ৰতি।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com