বিশ্বনাথত গণ অৱস্থান কাৰ্যসূচীইষ্ট ম'জ'
ASSAMESE NEWS
বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ অৱস্থান কাৰ্যসূচী
নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসমত আন্তৰ্জাতিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ
নিউজ ডেস্ক- বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসমত আন্তৰ্জাতিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ চাৰিআলিৰ ইউকো বেংকৰ সন্মুখত তিনিঘন্টীয়া গণ অৱস্থান কাৰ্যসূচী ৰূপায়ন।
কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত 'কা' আন্দোলন সাময়িকভাৱে স্থগিত হৈছিল যদিও বৰ্তমান আকৌ অসমৰ বিভিন্ন প্ৰান্তত 'কা' বিৰোধী আন্দোলন আৰম্ভ হৈছে।
অসম যুৱ ছাত্ৰ পৰিষদে জন্ম লগ্নৰে পৰা পূৰ্ণ স্বায়ত্ত শাসন , দ্বি নাগৰিকত্বকে ধৰি আন্তৰ্জাতিক পাৰপত্ৰ যিকেইটা সমস্য়ালৈ মাত মাতি আহিছে এই গোটেই কাৰ্যসূচীখিনি সমাধানৰ দাবীত ৰাজপথত আন্দোলন গঢ়ি তোলাৰ হংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।
কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাতো এই গণ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰা হৈছে।