মহাৰাষ্ট্ৰত হস্পিতালত অগ্নিকাণ্ড সংঘটিত হৈ ১০ শিশুৰ মৃত্য়ু
মহাৰাষ্ট্ৰত হস্পিতালৰ বেবী আই চি ইউত অগ্নিকাণ্ড সংঘটিত হৈ ১০ শিশুৰ মৃত্য়ুপ্ৰতিনিধিত্বমূলক ফটো

মহাৰাষ্ট্ৰত হস্পিতালত অগ্নিকাণ্ড সংঘটিত হৈ ১০ শিশুৰ মৃত্য়ু

ভাণ্ডাৰা জিলাৰ এখন হস্পিতালৰ ‘বেবী আই চি ইউ’ত সংঘটিত হয় অগ্নিকাণ্ড

নিউজ ডেস্ক- মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা। এখন হস্পিতালৰ ‘বেবী আই চি ইউ’ত অগ্নিকাণ্ড সংঘটিত হয় মৃত্য়ু হয় ১০টি নৱজাতকৰ। ঘটনাটো সংঘটিত হয় পুৱতি নিশা প্ৰায় ২বজাত। চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ।

ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটযোগে গভীৰ সমবেদনা জ্ঞাপন কৰে।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ শিশুকেইটাক উদ্ধাৰৰ চেষ্টা চলাই যদিও ৭টি শিশুকহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্য়ে ১০ টি শিশু মৃত্য়ুমুখত পৰে।

এই ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ প্ৰাক্তণ মুখ্য়মন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাণ্ডেজে শিশুকেইটাৰ মৃত্য়ুত শোকপ্ৰকাশ কৰি কয় যে এই ঘটনাৰ উচিত তদন্ত কৰিব লাগে। লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com