অসম-নগালেণ্ড সীমান্তৰ নামতোলাত বাইকসহ দুই চোৰ ধৃত
অসম-নগালেণ্ড সীমান্তৰ নামতোলাত বাইকসহ দুই চোৰ ধৃতইষ্ট ম'জ'

অসম-নগালেণ্ড সীমান্তৰ নামতোলাত বাইকসহ দুই চোৰ ধৃত

আন্ত:ৰাজ্যিক গাড়ী সৰবৰাহৰ ক'ৰিডৰত পৰিণত নামতোলা

সোণাৰি : আন্ত: ৰাজ্যিক গাড়ী সৰবৰাহৰ ক'ৰিডৰত পৰিণত হৈছে অসম-নগালেণ্ড সীমান্তৰ নামতোলা । অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নামতোলাত চুৰি বাইকসহ দুই বাইক চোৰ আটক । সোণাৰি-নামতোলা পথেদি নাগালেণ্ডত চুৰি বাইক বিক্ৰী কৰিবলৈ আহি আটক হ'ল যোৰহাটৰ দুই যুৱক।

যোৰহাট পুলিবৰৰ মহ বন্ধা অঞ্চলৰ বিকাশ মিৰ্দ্ধা(১৯)আৰু বাবে বিজয় মিৰ্দ্ধা(২০)ই এ এছ ২৩ এন ১৯৯৩ নম্বৰৰ বুলেট এখন চুৰি কৰি নামতোলা হৈ নাগালেণ্ডত প্ৰবেশ কৰিব বিচাৰোতেই নামতোলা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে অসমৰ এক বৃহৎ বাইক চোৰৰ দলে বিভিন্ন স্থানৰ পৰা বাইক চুৰি কৰি সোণাৰিৰ নামতোলা পথেদি নাগালেণ্ডত চুৰি বাইক সমূহ বিক্ৰী কৰি আহিছে বিভিন্ন সময়ত।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com