ক'ভিড প্ৰ'টকল অমান্য কৰি বিপদত প্ৰিয়ংকা চোপ্ৰা
নিউজ ডেক্স: অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা ক'ভিড প্ৰট’কল অমান্য কৰি এইবাৰ বিপদত | লণ্ডনত লকডাউন চলি থকা স্বত্বেও অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই চেলুনলৈ গৈছিল। লকডাউনৰ বাবেই চেলুন, স্পা আদিৰ দৰে ব্যক্তিগত সেৱাবোৰ নিষিদ্ধ কৰি থৈছে । এনেসময়তে ক’ভিড প্ৰট’কল ভংগ কৰি প্ৰিয়ংকাই মাতৃ মধু চোপ্ৰাৰ সৈতে চেলুনলৈ গৈছিল। তাৰপিছত সেই স্থানত আৰক্ষী উপস্থিত হৈ চেলুনৰ গৰাকীক আৰক্ষীয়ে মৌখিকভাৱে সতৰ্ক কৰি দিছিল।
অৱশ্যে, কোনো জৰিমনা আৰোপ কৰা হোৱা নাছিল। অৱশ্যে ক’ভিড প্ৰট’কল ভঙাৰ পিছত, প্ৰিয়ংকা চোপ্ৰাৰ ফালৰ পৰা কোৱা হৈছে তেওঁৰ আগন্তক চিনেমাখনৰ বাবেহে সেই স্থানলৈ গৈছিল যি পূৰ্বেই অনুমতি লোৱা হৈছিল |
বিশ্বজুৰি ক’ভিড–১৯ মহামাৰীৰ সংহাৰ কমিবলৈ লোৱাৰ পিছতেই সকলো জীৱন যাত্ৰা সাধাৰণ হৈছিল | এনে সময়তে ইৰোপীয়ান দেশ সমূহত বিশেষকৈ ব্ৰিটেইনত পুনৰ ভয়াবহ ৰূপত বৃদ্ধি পাইছে কৰোনাৰ সংহাৰ | এনে সময়ত অধিক কঠোৰ হৈছে দেশ খনৰ চৰকাৰ | এনে সময়ত ভাৰতীয় অভিনেত্ৰী গৰাকীয়ে সেই নিয়ম অমান্য কৰা বিষয়টো বৰ্তমান চৰ্চিত হৈছে |