অৱশেষত গোৱালপাৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে নজৰুল ইছলামক।
অৱশেষত গোৱালপাৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে নজৰুল ইছলামকইষ্ট ম'জ'

অৱশেষত গোৱালপাৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে নজৰুল ইছলামক।

যোৱা ২৯ ডিচেম্বৰ তাৰিখে নজৰুল ইছলামক অপহৰণ কৰা হৈছিল।

গোৱালপাৰা - গোৱালপাৰা জিলাৰ অপহৰণকাণ্ডৰ ৯ দিন পিছত গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল সাতজনকৈ অপহৰণকাৰীক৷ অপহৰণকাণ্ডত ব্যবহৃত গাড়ী জব্দ কৰাৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপহৃত ব্যক্তিজনক৷

অৱশেষত গোৱালপাৰা জিলা আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সাফল্য৷ অপহৰণকাণ্ড সংঘটিত হোৱাৰ ৯ দিন পিছত গোৱালপাৰা আৰক্ষীয়ে সাতজনকৈ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিলে অপহৃত ব্যক্তিজনক৷ উল্লেখ্য যে, যোৱা ২৯ ডিচেম্বৰ তাৰিখে গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অৰ্ন্তগত দলগোমাৰ পৰা নজৰুল ইছলাম নামৰ এজন কয়লা ব্যৱসায়ীক কেইজনমান অজ্ঞাত ব্যাক্তিয়ে নিশা অপহৰণ কৰি লৈ গৈছিল৷

পৰৱৰ্তী সময়ত অপহৰণকাৰী দলটোৱে ব্যাক্তিজনৰ মুক্তিৰ নামত ব্যক্তিজনৰ পৰিয়ালৰ পৰা দাবী কৰিছিল এক কৌটি টকা। অপহৰণকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা গোৱালপাৰা আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত অভিযান আৰাম্ভ কৰিছিল। আৰক্ষীয়ে প্ৰথমতে চিৰাং জিলাৰ পৰা দুজন ব্যক্তিক আটক কৰি সোধপোচ কৰি পুনৰায় তিনিজনক আটক কৰাৰ লগতে অপহৃত নজৰুল ইছলামৰ গাড়ী চিৰাং জিলাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ পিছৰে পৰা মেঘালয়ৰ বাজেংডোবা, মেন্দিপথাৰ আদি অঞ্চলত আৰক্ষীয়ে অভিযান তীব্ৰ কৰাৰ ফলত যোৱা ৭ জানুৱাৰীৰ পুৱা অপহৃত নজৰুল ইছলামক সুস্থ শৰীৰে মেঘালয়ৰ বাজেংডোবাৰ জংঘলৰ মাজৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গোৱালপাৰা জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে অপহৰণকাণ্ডৰ লগত জড়িতসকল চিৰাং জিলা, কামৰূপ জিলাৰ লগতে গোৱালপাৰা জিলাৰ উগ্ৰপন্থী সংঘঠন এন ডি এফ বিৰ লগত জড়িত৷

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com