প্ৰতিবাদৰ মাজতে লাইকা-দধীয়াত মৃত্যু গৰ্ভস্থ সন্তানৰ লগতে মাতৃ
নিউজ ডেস্ক- কোনে শুনিব লাইকা-দধীয়াবাসীৰ কৰুণ বিননি ? এই পুহ মহীয়া হাড় কপোঁৱা জাৰতো নিজৰ জীয়াই থকাৰ অধিকাৰৰ বাবে অহৰ্নিশে যুঁজি গৈছে লাইকা-দধীয়া বাসীয়ে। নিজৰ মৌলিক অধিকাৰৰ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰি যোৱা এগৰাকী গৰ্ভৱতীৰ শুকুৰবাৰে পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।
পুহমহীয়া ঠাণ্ডাৰ দিনত তিনিচুকীয়াৰ বৰগুৰিত অৰ্নিদিষ্টকালীন অৱস্থান ধৰ্মঘটত বহা দধীয়া কুলি গাঁৱৰ ৭ মহীয়া অন্তসত্বা কুস্মিতা মৰাং নামৰ মহিলা গৰাকীৰ সন্তানৰ ঠাণ্ডাৰ ফলত পেটতেই মৃত্যু হৈছে। যোৱা ৫ জানুৱাৰী নিশা সংকটজনক অৱস্থাত কুস্মিতা মৰাঙক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু শুকুৰবাৰে চিকিৎসাধীন অৱস্থাতে মহিলা গৰাকীৰো মৃত্যু হয়।
প্ৰচণ্ড শীতকো নেওচি ১৯ দিন উকলি গৈছে লাইকা দধীয়া বাসীৰ আন্দোলন। ইয়াৰ পূৰ্বে প্ৰতিবাদকাৰী সকলৰ মাজৰ পৰা য়াকচী পাৱ নামৰ আন এগৰাকী মহিলাও মৃত্যু হোৱাৰ লগতে কেইবাগৰাকী লোক চিকিৎসাধীন হৈ আছে।
ইমানৰ পিছতো অসম চৰকাৰে লাইকা-দধীয়াবাসীৰ বাবে একো পদক্ষেপ হাতত নল'লে এই আন্দোলন আৰু তীব্ৰতৰ কৰি তুলিব বুলি হুংকাৰ লাইকা-দধীয়াবাসীৰ।