বিটিচিত ১৮০০ কোটি টকাৰ বাজেট দাখিল
বাজেট অধিবেশনৰ সময়ত বিৰোধী শূণ্য সদনটুইটাৰ

বিটিচিত ১৮০০ কোটি টকাৰ বাজেট দাখিল

বাজেট অধিবেশন বৰ্জন কৰিলে বিৰোধী বি পি এফে

কোকৰাঝাৰ:- প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিচি পৰিষদত শুকুৰবাৰে বাজেট দাখিল কৰে | মুঠ ১৮০০ কোটি টকাৰ বাজেট দাখিল কৰে ইউ পি পিএল ,বিজেপি, জি এছ পি ৰ মিত্ৰ দলৰ চৰকাৰে | বিৰোধী শূণ্য সদনত বাজেট কোনো ধৰণৰ আলোচনাৰ অবিহনেই গৃহীত হয় | সদনত আজি কাৰ্যবাহী সদস্য বৃদ্ধিৰো এক প্ৰস্তাব পাছ কৰে | নতুন বাজেটে শিক্ষা, স্বাস্থ্য, আন্তগাথনি নিৰ্মাণত বিশেষভাবে গুৰুত্ব দিব |

বাজেট দাখিল কৰি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় , ' বি পি এফে ৰাইজৰ সেৱাৰ বাবে নহয় পাৱাৰৰ বাবেহে ৰাজনীতি কৰিছে | আজি পাৱাৰত নাই বাবে সদনলৈ অহা নাই | বিটিআৰৰ ৩৫ লাখ ৰাইজৰ প্ৰতি তেওলোকৰ দায়িত্ব নাই |'

হাগ্ৰামা মহিলাৰীৰ চৰকাৰৰ কথা উল্লেখ কৰি প্ৰমোদ বড়োৱে কয়, "২৩০০ কোটি টকাৰ বোজা বিটিআৰ বাসীক দি গৈছে হাগ্ৰামা মহিলাৰীৰ শাসন কালত | হাগ্ৰামাৰ প্ৰত্যক্ষ দায়িত্বত থকা চিডি শিতানত ৩৫০ কোটি আৰু গড়কাপ্টানী বিভাগত প্ৰায় ১০০০ কোটি টকাৰ খেলিমেলি লগাই গৈছে | ইয়াৰ তদন্ত কৰিব |"

সংবাদ মাধ্যমৰ সৈতে প্ৰমোদ বড়ো
সংবাদ মাধ্যমৰ সৈতে প্ৰমোদ বড়ো

কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মৰ কথা উল্লেখ কৰি প্ৰমোদ বড়োৱে কয়, গুৰুত্বপূৰ্ণ বাজেট অধিবেশনৰ দিনা মন্ত্ৰী গৰাকীয়ে বিপিএফৰ সদস্য সকলক লৈ পিকনিকৰ আয়োজন কৰিছে | গণতান্ত্ৰিক ব্যবস্থাৰ সৈতে জড়িত ব্যক্তিৰ এনে কাৰ্য দূৰ্ভাগ্যজনক |

মুখ্য কাৰ্যনিবাহক সদস্য প্ৰমোদ বড়োৱে বিপিএফৰ সহযোগিতা নহলেও ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে |

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com