বায়ুৰ পৰা বিশুদ্ধ পানী তৈয়াৰ কৰাৰ যন্ত্ৰ নিৰ্মাণ কৰিলে এজনী কণমানিয়ে
নিউজ ডেস্ক- এতিয়াৰে পৰা বায়ুৰ পৰাই খোৱাপানী বিশুদ্ধ কৰিব পৰা যাব। মণিপুৰৰ এজনী ৯বছৰীয়া কণমানিয়ে নিৰ্মাণ কৰি উলিয়ালে বায়ুৰ পৰা পানী বিশুদ্ধ কৰিব পৰা যন্ত্ৰ। কণমানি জনাৰ নাম লিচীপ্ৰিয়া কাংগুজাম। লিচীপ্ৰিয়াৰ মতে এই যন্ত্ৰৰ জৰিয়তে জনসাধাৰণৰ মাজত খোৱাপানীৰ সমস্য়া দূৰ হ'ব। এই যন্ত্ৰ সৌৰশক্তিৰ জৰিয়তেহে চলাব পৰা যায়।
লিচীপ্ৰিয়াই এই যন্ত্ৰ উদ্ভাৱনৰ বিষয়ে নিজৰ টুইটাৰ হেণ্ডেলত এটা ভিডিঅ' প্ৰকাশ কৰিছে। এই যন্ত্ৰটোৰ নাম দিছে 'SUKIFU-2'। এই যন্ত্ৰটো যিকোনো ঠাইতে ব্য়ৱহাৰ কৰিব পৰা যাব। এই যন্ত্ৰৰ দ্বাৰাই এদিনত ১ গেলেন পৰ্যন্ত পানী উলিয়াবলৈয়ো সক্ষম।
ছ'চিয়লে মিডিয়াতো এই ভিডিঅটো বহুত ভাইৰেল হৈছে। লিচিপ্ৰিয়াক বহুতে প্ৰশংসাৰে উপচাই দিছে। আমাৰ দেশৰ বহু ঠাইত বিশুদ্ধ খোৱাপানীৰ সমস্য়াই জলন্ত সমস্য়া হিচাপে দেখা দিছে। নীতি আয়োগে প্ৰকাশ কৰা এক তথ্য় অনুসৰি ভৱিষ্যতে ৬০কোটি লোকে এই সমস্যা ভোগ কৰিব লাগিব।
দিল্লী, গুৰুগ্ৰামকে ধৰি ভাৰতৰ প্ৰায় ২১ খন চহৰত বাস কৰা নাগৰিকে বিশুদ্ধ খোৱাপানীৰ সমস্যাত ভুগিব লাগে।
এনেকুৱা ক্ষেত্ৰত লিচীপ্ৰিয়াই উদ্ভাৱন কৰা এই যন্ত্ৰই কিছু সহায় কৰিব বুলি আশা কৰিছে বহুতে।