ৰুৰকেল্লা তীখা প্লেণ্টত গেছ নির্গমনৰ হৈ শ্ৰমিকৰ মৃত্য়ু টুইটাৰ ইমেজ
ASSAMESE NEWS
বিষাক্ত গেছ নির্গমনৰ হৈ ওড়িশাত মৃত্য়ু ৪জন শ্ৰমিকৰ
ৰুৰকেল্লা তীখা প্লেণ্টত সংঘটিত হয় এই ঘটনা
নিউজ ডেস্ক- ওড়িশাৰ ৰুৰকেল্লা ষ্টীল প্লান্টত বিষাক্ত গেছ নিৰ্গত হৈ মৃূ্ত্য়ু হয় চাৰিজন শ্ৰমিকৰ। বুধবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা। কয়লা ৰাসায়নিক বিভাগত সংগঠিত হয় এই ঘটনা। গেছ নির্গমনৰ সময়ত কয়লা ৰাসায়নিক বিভাগত কর্মৰত অৱস্থাত আছিল ১০গৰাকী কর্মী ৷
কৰ্মৰত চাৰিজন মৃত্য়ু হোৱাৰ লগতে বাকীকেইজনক সংকটজনক অৱস্থাত হস্পিতালত ভৰ্তি কৰোৱা হৈছে। বিষাক্ত গেছ নিৰ্গমণৰ ফলত শ্ৰমিক সকলৰ উশাহ-নিশাহ লোৱাত সমস্য়া হয় আৰু সংজ্ঞাহীন হৈ পৰে।