বিশ্বনাথৰ চতিয়াত আৰক্ষীৰ ওপৰত আক্ৰমণ
বিশ্বনাথৰ চতিয়াত আৰক্ষীৰ ওপৰত আক্ৰমণইষ্ট ম'জ'

বিশ্বনাথৰ চতিয়াত আৰক্ষীৰ ওপৰত আক্ৰমণ

দেহ ব্যবসায়ত লিপ্ত থকা অভিযোগত এগৰাকী মহিলাক গাওবাসীয়ে আক্ৰমণ কৰাৰ পৰা উদ্ধাৰ কৰিবলৈ যাওতে আক্ৰমণ

বিশ্বনাথ: দেহ ব্যবসায়ত লিপ্ত থকা অভিযোগত এগৰাকী মহিলাক গাওবাসীয়ে আক্ৰমণ কৰিবলৈ উদ্যত হোৱা খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছত আৰক্ষীকো আক্ৰমনৰ লক্ষ্য কৰি লয় গাওবাসীয়ে | ঘটনাৰ স্থান বিশ্বনাথ মহকুমাৰ চতিয়াৰ বুডুআটি গাৱত | এই ঘটনাক লৈ অঞ্চলটোত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় | দেহ ব্যৱসায়ৰ লগত জড়িত এগৰাকী বিবাহিত মহিলাক গাওখনৰ ৰাইজে ঘেৰাও কৰি আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ খবৰ লাভ কৰি চতিয়া আৰক্ষী থানাৰ এটা দল গাওখনত উপস্থিত হৈছিল ৷

বিশ্বনাথৰ চতিয়াত আৰক্ষীৰ ওপৰত আক্ৰমণ
বিশ্বনাথৰ চতিয়াত আৰক্ষীৰ ওপৰত আক্ৰমণইষ্ট ম'জ'

মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ আৰক্ষীৰ লোক গাওখনত উপস্থিত হোৱাৰ লগে লগেই আৰক্ষীক আক্ৰমণ কৰিবলৈ চোচা লয় একাংশই ৷ গাওবাসীৰ আক্ৰমণৰ পৰা মহিলা গৰাকীক উদ্ধাৰ কৰি অনা আৰক্ষীৰ গাড়ীলৈ একাংশই দলিয়াই শিলগুটি৷ মহিলা গৰাকীক উঠাই আৰক্ষীৰ গাড়ীখন কৌশলৰে আতৰি যোৱাৰ পিছতে সেই অঞ্চলত থকা বাকীসকল আৰক্ষীক এচাম উদন্ড ৰাইজে বহুদুৰলৈকে খেদি যায় |

স্থানীয় ৰাইজৰ অভিযোগ আৰক্ষীয়ে প্ৰথমতে তেওলোকক আক্ৰমণ কৰিছিল যাৰ বাবে গাওবাসী ক্ষোভিত হৈ পৰে | ইয়াৰ পিছতেই স্থানীয় ৰাইজে আক্ৰমণ কৰিছিল আৰক্ষীৰ বাহনত ৷ পৰিস্থিতি অধিক উত্তেজিত হৈ পৰাত চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে ৷

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com