নিউজ ডেস্ক- জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ সত্য়পালৰ দেহাৱসান। ৭৯বছৰ বয়সত মৃত্য়ু হয় সত্য়পালৰ। বুধবাৰে কম্বেইটৰৰ ইশা যোগা চেন্টাৰত মৃত্য়ু হয় সত্য়পালৰ। ডিচেম্বৰ মাহতে সত্য়পালৰ হৈছিল ব্ৰেইন ষ্ট্ৰক।
পিতৃৰ মৃত্য়ুৰ সন্দৰ্ভত ফেশ্বন ডিজাইনাৰ গৰাকীৰ পুত্ৰ পুনীত নন্দাই এটা ফেচবুক প'ষ্ট কৰে। তেওঁ লিখে, '২ ডিচেম্বৰত মোৰ পিতৃৰ ব্ৰেইন ষ্ট্ৰক হৈছিল। হস্পিতালত তেওঁৰ স্বাস্থ্য়ৰ লাহে লাহে সুস্থিৰ হ'বলৈ ধৰে। যিবোৰ বস্তু তেখেতৰ গাঁত খুচা হৈছে অথবা যিবোৰ লগোৱা হৈছে সেইবোৰ যাতে আঁতৰাই দিয়া হয় সেয়া আছিল তেওঁৰ অন্তিম ইচ্ছা।'
লগতে নন্দাই লিখে মোৰ পিতৃৰ মৃত্য়ুত আমাৰ গোটেই পৰিয়ালটোতে শোকৰ ছাঁ পৰিছে কিন্তু তেওঁ নিজৰ জীৱনটো ভালদৰে জীয়াই এটা পৰিপূৰ্ণ পৰিয়াল এৰি গৈছে।
ইশা ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক সদগুৰুৱেও সত্য়পালৰ মৃত্য়ুত টুইটযোগে শোক প্ৰকাশ কৰে।
সত্য়পালে ৬০ৰ দশকতে ব্য়ৱসায় আৰম্ভ কৰিছিল। ১৯৮০ চনত ভাৰতত 'লা'ফেয়াৰ' নামেৰে প্ৰথম 'শাৰী বুটিক' আৰম্ভ কৰিছিল। পিছলৈ ১৯৮৬ পুত্ৰৰ সৈতে একেলগে মিলি নিজৰ কাপোৰৰ ব্ৰেণ্ড মুকলি কৰে।