পুনৰ লকডাউনৰ ঘোষণা
পুনৰ লকডাউনৰ ঘোষণাপ্ৰতিনিধিত্বমূলক ফটো

পুনৰ লকডাউনৰ ঘোষণা

কৰোণাৰ তাণ্ডৱ এতিয়াও কম হোৱা নাই

নিউজ ডেস্ক- এতিয়াও তাণ্ডৱ কমা নাই কৰোণা ভাইৰাছৰ। বিশ্বজুৰি কৰোণাৰ ভেকচিনৰ টিকাকৰণ চলি থকাৰ সময়তে পুনৰ লকডাউন দিব লগা হৈছে ব্ৰিটেইনত। কৰোণা সংক্ৰমণৰ ভয়াবহতাৰ দিশে গৈ আছে লণ্ডন। ব্ৰিটেইনত ভয়াবহ ৰূপত বাঢ়িছে কৰোণাৰ সংক্ৰমণ। কৰোণাৰ নতুন ভাইৰাছে কপনি তুলিছে বিশ্বক। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সোমবাৰে পুনৰ লকডাউন ঘোষণা কৰে ব্ৰিটেইন চৰকাৰে।

তৃতীয় পৰ্যায়ৰ এই লকডাউন বুধবাৰৰ পৰা আৰম্ভ হ'ব। এই সময়চোৱাত সকলো শিক্ষাপ্ৰতিষ্ঠান বন্ধ থাকিব। কোনো নাগৰিককে অনাহকত ঘৰৰ বাহিৰলৈ ওলাবলৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে৷

ব্ৰিটেইনত সোমবাৰে ২৪ঘন্টাৰ ভিতৰত আক্ৰান্ত হৈছে ৫৮,৭৮৪জন। মৃত্য়ু হৈছে ৪০৭জনৰ। চিকিৎসাধীন হৈ আছে ২৬,৬২৬জন। পূৰ্বৰ তুলনাত আক্ৰান্তৰ হাৰ বহুসংখ্য়ক বৃদ্ধি পাইছে। ইংলেণ্ডৰ অধিকাংশ অঞ্চলতে ক’ৰোনা ভাইৰাছৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পোৱাত সেই অঞ্চলসমূহ ইতিমধ্যে কঠোৰ নির্দেশনাৰ অধীনত আছে৷ আনপিনে নতুন ক’ৰোনা ভাইৰাছ ভয়াৱহ ৰূপত বৃদ্ধি পোৱাত সমগ্র ইংলেণ্ডতে ৰাষ্ট্রীয় লকডাউন ঘোষণা কৰে চৰকাৰে ৷

উল্লেখ্য় যে নতুন ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে অহা ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ কার্যসূচীৰ মুখ্য অতিথি হিচাপে অংশ ল’বলৈ ভাৰত ভ্রমণলৈ আহিবলগীয়া ব্রিটিছ প্রধানমন্ত্রী বৰিক জনছনে তেওঁৰ কার্যসূচী বাতিল কৰিছে৷

নতুন ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ গ্রেট ব্রিটেইনত হোৱাৰ পিছত এই ভাইৰাছটোৰ সংক্রমণ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে ৷ ইখনৰ পিছত সিখন দেশলৈ আকৌ সংক্ৰমিত হৈছে নতুন কৰোণা ভাইৰাছত।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com