শিৱসাগৰত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল ভুৱা সাংবাদিক
ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল ভুৱা সাংবাদিকপ্ৰতিনিধিত্বমূলক ফটো

শিৱসাগৰত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল ভুৱা সাংবাদিক

সুৰাৰ বিপনীৰ পৰা দাবী কৰিছিল একলাখ টকা

শিৱসাগৰ- শিৱসাগৰত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল ভুৱা সাংবাদিক। বুধবাৰে শিৱসাগৰ চাৰিঙত সংঘটিত হৈছে এই ঘটনা। দেশীয় সুৰাৰ বিপনীত দাবী কৰিছিল এক লাখ টকা। দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিল নিবনুৱা সন্থাৰ জিলা সভাপতি অপূৰ্ব শৰ্মাৰ লগতে ভুৱা সাংবাদিক। শিৱসাগৰ আৰক্ষী আৰু গৌৰীসাগৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে যুৱক দুজনক।

ভুৱা সাংবাদিকজনে দীৰ্ঘদিন ধৰি নিজকে সংবাদকৰ্মী বুলি দাবী কৰি আহিছে। এইদৰে বিভিন্ন জনৰ পৰা অবৈধ ভাবে ধন সংগ্ৰহ কৰি আহিছে ।

আজি এখন সুৰা বিপনীত দাবী কৰা ধন নিবলৈ আহোতে হাতে-লোটে ধৰা পৰে দুই যুৱক।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com