মৰিগাৱত নকল গড়ৰ খৰ্গসহ এজনক গ্ৰেপ্তাৰ
ইষ্ট ম'জ'
ASSAMESE NEWS
মৰিগাৱত নকল গড়ৰ খৰ্গসহ এজনক গ্ৰেপ্তাৰ
বিশেষ ৰাসায়নিক পদাৰ্থৰে নকল খৰ্গ বনাই বিক্ৰি কৰি আছে এক চক্ৰই
মৰিগাঁও:মৰিগাঁও আৰক্ষীয়ে এক অভিযান চলাই এজন নকল গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে |মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড° নন্দসিং বৰকলাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি বৃহৎ দলে নিশা জাগীৰোডৰ ৰে’লৱে প্লেটফৰ্মৰ পৰা বিশ্বজিৎ দাস নামৰ এজন দুধৰ্ষ গড়ৰ খৰ্গ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ কৰে। এই ঘটনাৰ লগত জড়িত ছাইফুল ইছলাম নামৰ আন এজন নকল গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰী পলাই সাৰে।
আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে কিছুদিনৰ পৰা ৪/৫ জনীয়া এটি গঁড়ৰ খৰ্গ ব্যৱসায়ত জড়িত এচাম লোকে এবিধ বিশেষ ৰাসায়নিক পদাৰ্থৰে খৰ্গ নিৰ্মাণ কৰি ৰাজ্যখনৰ লগতে, চুবুৰীয়া ৰাজ্যসমূহলৈ ২০-২৫ লাখ টকাত গোপনে সৰবৰাহ তথা বিক্ৰী কৰি আহিছে।