মহানগৰীৰ খাৰঘূলিত জীৱন্তে অগ্নিদগ্ধ এগৰাকী বৃদ্ধা।
গুৱাহাটী - এইবাৰ মহানগৰীৰ খাৰঘূলিত জীৱন্তে অগ্নিদগ্ধ এগৰাকী বৃদ্ধা। ভয়াবহ অগ্নিকাণ্ড জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হ'ল ৮৭ বছৰীয়া বৃদ্ধাৰ। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় বৃদ্ধা গৰাকীৰ ঘৰ।
মহানগৰী গুৱাহাটীৰ খাৰঘূলিত সংঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ড। এই ভয়াবহ অগ্নিকাণ্ডত এগৰাকী বৃদ্ধাৰ ঘৰ সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে অগ্নিদগ্ধ হৈ মৃত্যু হয় বৃদ্ধা গৰাকীৰ। মৃত বৃদ্ধা গৰাকী ৮৭ বছৰীয়া ধনমায়া বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ডৰ খবৰ পাই আৰক্ষী আৰু অগ্নি নিৰ্বাপন বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। অগ্নি নিৰ্বাপনৰ পূৰ্বেই ধনমায়া বিশ্বকৰ্মা নামৰ ৮৭ বছৰীয়া বৃদ্ধা গৰাকীৰ মৃত্যু হয়।
উল্লেখ্য যে, মঙলাবাৰে গোঁসাইগাঁৱৰ কচুগাঁৱত দুগৰাকী শিশু জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল। চোতালত মৰাপাটৰ খৰিৰ মাজত লুকা-ভাকু খেলি থকা অৱস্থাত অগ্নিকাণ্ড ৰ সূত্ৰপাত হৈ শিশু দুটিৰ মৃত্যু হৈছিল।