ডবকাত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰিকাণ্ডইষ্ট ম'জ'
ASSAMESE NEWS
ডবকাত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰিকাণ্ড।
দুজন ব্যক্তিৰ ঘৰত নিশা চোৰে চলালে চাফাই অভিযান।
ডবকা - ডবকাত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰিকাণ্ড। ডবকাৰ যোগীজান নিতমাৰীপাৰৰ আবুল হুছেইন আৰু সাহাবুদ্দিন নামৰ দুজন ব্যক্তিৰ ঘৰত নিশা চোৰে চলালে চাফাই অভিযান।
মঙলাবাৰে নিশা চোৰে আবুল হুছেইন আৰু সাহাবুদ্দিন নামৰ ব্যক্তি দুজনৰ ঘৰত প্ৰৱেশ কৰি নগদ ৫ হাজাৰ টকা, মোবাইল ফোনসহ প্ৰয়োজনীয় বহু নথি-পত্ৰৰ লগতে প্ৰায় ২ দুই লাখ টকাৰ অগৰু কাঠ চুৰি কৰি লৈ যায়। ভুক্তভুগী পৰিয়াল দুটাই ৰেহান উদ্দিন নামৰ এজন যুৱকে চুৰিকাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে৷
ইয়াৰ পূৰ্বেও স্থানীয় বহু ঘৰত চুৰিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। চুৰিকাণ্ড সংঘটিত হোৱা ভুক্তভুগী আবুল হুছেইন আৰু সাহাবুদ্দিনৰ পৰিয়ালে আৰক্ষীক উচিত তদন্ত কৰি দোষীক অতি সোনকালে কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে।