বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱালে দেৱব্ৰত শইকীয়াই
দেৱব্ৰত শইকীয়াফাইল ফটো

বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱালে দেৱব্ৰত শইকীয়াই

১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ নিৰ্দেশনা অসম বিধানসভাৰ সচিব এ এন ডেকাৰ

নিউজ ডেক্স:- নিৰ্বাচনলৈ দুমাহ হাতত থকাৰ সময়তে বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱালে দেৱব্ৰত শইকীয়াই। কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হ্ৰাস পোৱাৰ বাবেই হেৰুৱালে এই মৰ্যাদা। অসম বিধানসভাই ইতিমধ্যে প্ৰকাশ কৰিছে আনুষ্ঠানিক জাননী।

১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা প্ৰকাশ কৰিছে অসম বিধানসভাৰ সচিব এ এন ডেকাই। ২০১৬ চনৰ নিৰ্বাচনত ২৬ খন আসনত জয়লাভ কৰা কংগ্ৰেছৰ বৰ্তমানৰ বিধায়কৰ সংখ্যা ২০ জন |

গেজেট নটিফিকেচন
গেজেট নটিফিকেচনপ্ৰতিনিধিত্বমূলক ছবি

শেহতীয়াকৈ ৰাজদ্বীপ গোৱালা আৰু অজন্তা নেওগে দল ত্যাগ আৰু বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই দেবব্ৰত শইকীয়াই বিৰোধী দলপতিৰ যোগ্যতা হেৰুৱাতো নিশ্চিত হৈছিল |বিৰোধী দলপতিৰ বাবে অসম বিধান সভাত ২১ জন বিধায়কৰ প্ৰয়োজন |

ইফালে অসম বিধানসভাৰ পৰা বিৰোধী দলপতিৰ মৰ্যাদা হেৰুওৱাৰ পিছত এতিয়াৰে পৰা শইকীয়াই কেবিনেট মৰ্যাদাৰ লগতে আন আন সুবিধা সমূহো হেৰুৱাব।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com