'ভাৰতীয় মহিলাৰ মৰমত প্ৰাইজ টেগ নলগাব' : কংগনা
শশী থাৰুৰ- কমল হাছানৰ প্ৰতি সৰৱ হৈ উঠিল কংগনাপ্ৰতিনিধিত্বমূলক ফটো

'ভাৰতীয় মহিলাৰ মৰমত প্ৰাইজ টেগ নলগাব' : কংগনা

শশী থাৰুৰ- কমল হাছানৰ প্ৰতি সৰৱ হৈ উঠিল কংগনা

নিউজ ডেস্ক- 'বলিউদ কুইন' কংগনা ৰাণাৱত বিগত কিছুদিন ধৰি তেওঁৰ বিভিন্ন মন্তব্য়ৰ বাবে সংবাদমাধ্য়মৰ শিৰোনামা দখল কৰি আহিছে। ছ’চিয়েল মিডিয়াত আজিকালি প্ৰায়ে সক্ৰিয় হৈ থাকে অভিনেত্ৰীগৰাকী । বিভিন্ন ধৰণৰ টুইটৰ মাধ্য়মৰে কংগনাই শত্ৰু পক্ষক আক্ৰমণ কৰি আহিছে। এই লৈ বিভিন্ন মহলত বিশেষভাৱে চৰ্চিত হৈ আহিছে অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ কংগনাই কংগ্ৰেছ সাংসদ শশী থাৰুৰ আৰু অভিনেতা কমল হাছানক উভতি ধৰি টুইটাৰত এটা মন্তব্য় কৰে। এই টুইটে এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত।

'গৃহিনীসকলক ঘৰৰ কাম কৰাৰ বাবদ বেতন দিয়াৰ ব্য়ৱস্থা কৰিব লাগে' অভিনেতা কমল হাছানে কৰা এই মন্তব্য়ত সমৰ্থন কৰে কংগ্ৰেছ সাংসদ শশী থাৰুৰে। কমল হাছানে লগতে কয় তামিলনাডুৰ নিৰ্বাচনত তেওঁৰ দল যদি জয়ী হয় তেনেহ'লে গৃহিনীসকলক ঘৰৰ কাম কৰাৰ বাবদ বেতন দিয়াটো প্ৰযোজ্য় কৰিব লাগিব।

কমল হাছানক সমৰ্থন কৰি টুইটটো কৰে সাংসদ শশী থাৰুৰে।

পিছে কংগনায়ো চুপ হৈ বহি নাথাকিল। কংগনাই শশী থাৰুৰ টুইটটোৰ মন্তব্য় কৰি লিখে, 'ভাৰতীয় মহিলাৰ মৰমত প্ৰাইজ টেগ নলগাব। আপোনসকলৰ যত্ন লোৱা আৰু মমতাময়ী নাৰীক মূল্য়ৰ লগত তুলনা নকৰিব। আমাক এখন ঘৰত থাকিবলৈ বেতনৰ প্ৰয়োজন নাই। সকলো বস্তুকেই ব্য়ৱসায়ৰ লগত তুলনা নকৰিব। এগৰাকী মহিলাক মৰম আৰু সন্মানৰ প্ৰয়োজন, বেতনৰ নহয়।

উল্লেখ্য় যে , অভিনেত্ৰী কংগনা ৰাণাৱতে সম্প্ৰতি ব্য়স্ত হৈ আছে তামিলনাডুৰ প্ৰাক্তণ মুখ্য়মন্ত্ৰী জয়াললিতাৰ জীৱনৰ আধাৰত নিৰ্মিত এখন চিনেমাৰ শ্বুটিঙত ব্য়স্ত হৈ আছে।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com