অগ্নিদগ্ধ হৈ দুই শিশুৰ মৃত্যু।
গোঁসাইগাঁও - অগ্নিদগ্ধ হৈ দুই শিশুৰ মৃত্যু। গোঁসাইগাঁৱত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা। মৰাপাটৰ খৰিৰ মাজত লুকা-ভাকু খেলি থকা অৱস্থাত অগ্নিদগ্ধ হয় দুই শিশু। ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত উপস্থিত নাছিল কোনো লোকে।
কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱৰ কচুগাঁও থানাৰ অন্তৰ্গত নয়ানগৰ গাঁৱত মঙলাবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা। দুই শিশুৱে মৰাপাটৰ খৰিৰ মাজত লুকা-ভাকু খেলি থকা অৱস্থাত হঠাৎ মৰাপাটৰ খৰিত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। শিশু দুটিক পলকতে চাৰিওফালৰ পৰা জুয়ে আগুৰি ধৰে।
মৰাপাটৰ খৰিৰ জুয়ে পলকতে শিশু দুটিক আগুৰি ধৰাত শিশু দুটি চিঞৰ-বাখৰ কৰে যদিও ঘটনাৰ সময়ত ঘটনাস্থলীত কোনো লোকে উপস্থিত নথকাত শিশু দুটিক উদ্ধাৰ কৰিব পৰা নগ'ল। শিশু দুটি মৰাপাটৰ খৰিৰ মাজতে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি ল'ব লগা হয়।
শিশু দুটিৰ চিঞৰ-বাখৰ শুনি ঘটনাস্থলীৰ পৰা কিছু নিলগত কাম কৰি থকা কেইজনমান লোক দৌৰি আহি জুই নিৰ্বাপনৰ বাবে চেষ্টা চলায়। কিছু সময় পিছত জুই নিৰ্বাপন হয় যদিও শিশু দুটিক জুই নিৰ্বাপন কৰা লোক সকলে উদ্ধাৰ কৰিব নোৱাৰিলে।