মহানগৰীৰ হাতীগাঁৱৰ ৰহমান নগৰত আৰক্ষীয়ে জব্দ কৰে হেৰোইনপ্ৰতিনিধিত্বমূলক ছবি
ASSAMESE NEWS
গুৱাহাটীত বৃহৎ পৰিমানৰ ড্ৰাগছসহ তিনিজনক গ্ৰেপ্তাৰ
মহানগৰীৰ হাতীগাঁৱৰ ৰহমান নগৰত আৰক্ষীয়ে জব্দ কৰে হেৰোইন
গুৱাহাটী:- ড্ৰাগছৰ কবলত পৰিছে সমগ্ৰ ৰাজ্য | নিতৌ ৰাজ্যৰ চৌদিশে ড্ৰাগছৰ বিক্ৰেতাৰ পৰা আৰম্ভ কৰি সেৱন কৰা সকলক আৰক্ষীয়ে উৎখাত কৰিছে যদিও নিতৌ নতুন নতুন ঘটনা পোহৰলৈ আহিছে | মঙলবাৰে ড্ৰাগছৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষীয়ে অভিযান চলাই | অভিযানত জব্দ কৰে বিশাল পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ।
মহানগৰীৰ হাতীগাঁৱৰ ৰহমান নগৰত চলোৱা অভিযানত আৰক্ষীয়ে জব্দ কৰে হেৰোইন ৭২টা কন্টেইনাৰ। এই ঘটনাৰ লগত গ্ৰেপ্তাৰ কৰিছে তিনিজন ড্ৰাগছ ব্যৱসায়ী। গ্ৰেপ্তাৰ কৰা ব্যবসায়ী কেইটাৰ নাম শুকুৰ আলি, ওছমান খান আৰু ইব্ৰাহিম খান।