ৰিপুন বৰা, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক আটক কৰিলে আৰক্ষীয়ে।
ৰিপুন বৰা, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক আটক কৰিলে আৰক্ষীয়েইষ্ট ম'জ

ৰিপুন বৰা, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক আটক কৰিলে আৰক্ষীয়ে।

আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ ।

গুৱাহাটী - ৰিপুন বৰা, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক আটক কৰিলে আৰক্ষীয়ে। কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতাসহ শতাধিক কংগ্ৰেছ কর্মীক আটক কৰিলে আৰক্ষীয়ে। দিছপুৰ মানবেন্দ্ৰ শৰ্মা কপ্লেক্সৰ গেটৰ পৰা আটক কংগ্ৰেছ নেতা কর্মীক। আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছ কর্মী সকল।

দিছপুৰ মানবেন্দ্ৰ শৰ্মা কপ্লেক্সৰ গেটৰ সন্মুখত কংগ্ৰেছ কর্মী সকলে মঙলাবাৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ নীতি সমূহৰ বিৰোধিতা কৰি যুৱ কংগ্ৰেছৰ নেতৃত্বত মানবেন্দ্ৰ শৰ্মা কপ্লেক্সত অনুষ্ঠিত কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী।

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু কৃষি আইনৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মানবেন্দ্ৰ শৰ্মা কপ্লেক্সত যুৱ কংগ্ৰেছী সকলে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰে।

শতাধিক যুৱ কংগ্ৰেছ কৰ্মীৰ লগতে আৰক্ষীয়ে আটক কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰুপুন বৰা, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদক। মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু কৃষি আইন বাতিলৰ দাবীত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছে যুৱ "হুংকাৰ" নামেৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদস্থলীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই কয় "যুৱ কংগ্ৰেছৰ নেতৃত্বত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। আগন্তক দিনত যেতিয়ালৈকে অসমত কংগ্ৰেছ দলৰ চৰকাৰ গঠন নহয় তেতিয়ালৈকে যুৱ কংগ্ৰেছ কর্মী সকলে এই প্ৰতিবাদৰ ধাৰা অব্যাহত ৰাখিব"।

ইফালে প্ৰতিবাদ অংশগ্ৰহণ কৰিবলৈ অহা সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিভাস বি ভিয়ে বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয় "বিজেপি দলে প্ৰদনা কৰা কোনো এটা প্ৰতিশ্ৰুতিয়ে আজিলৈকে বাস্তৱত ৰূপান্তৰিত কৰা নাই। মোদী চৰকাৰে দেশৰ যুৱক সকলৰ লগতে কৃষক সকল, মহিলা সকলকৰ লগত বিশ্বাসঘাট কৰিছে"।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com