আৰক্ষী পিতৃয়ে চেল্যুট
জনালে নিজ কন্যাকটুইটাৰ ইমেজ
নিউজ ডেস্ক- আৰক্ষী পিতৃয়ে চেল্যুট জনালে ডি এছ পি পদত নিযুক্তি লাভ কৰা নিজৰ কন্যাক। কেমেৰাৰ লেন্সত বন্দী হোৱা পিতা-কন্য়াৰ বিশেষ মুহূৰ্তৰ যুগলবন্দীৰ এই ফটোখন অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে টুইটাৰত শ্বেয়াৰ কৰাৰ পাছতেই ভাইৰেল হৈ পৰে ফটোখন।
আচলতে ফটোখনত আৰক্ষী বিভাগৰ চাৰ্কোল অফিচাৰ পদত কাম কৰা এগৰাকী পিতৃয়ে চেল্যুট জনাইছে ডি এছ পি পদত নিযুক্তি লাভ কৰা নিজৰে কন্যাক।
সম্প্ৰতি এই ফটোখন খুব ভাইৰেল হৈছে। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত ৰাজ্যখনৰ আৰক্ষীপ্ৰশাসনে আয়োজন কৰা এক অনুষ্ঠানত চাৰ্কোল অফিচাৰ শ্যাম সুন্দৰে ডি এছ পি পদত নিযুক্ত হোৱা জেচ্ছি প্ৰশান্তিক চেল্যুট দি জনালে সন্মান।
পিতৃ-কন্যাৰ এই দৃশ্যক সকলোৱে একমুখে প্ৰশংসা জনাইছে। ছচিয়েল মিডিয়াত এই ফটোখন দেখি বহুতেই প্ৰশংসা কৰি কৈছে 'তপস্যাৰ ফল কন্যাই দিলে। এজন পিতৃৰ বাবে ইয়াতকৈ সৌভাগ্যৰ কথা আৰু কি হ'ব পাৰে।'