চৰকাৰক সমালোচনা কৰি হঠাৎ অন্তধ্যান হ'ল চীনৰ ধনাঢ্য ব্যক্তি জেক মা
নিউড ডেক্স:- চীন চৰকাৰক সমালোচনা কৰাৰ পাছত যোৱা দুমাহ ধৰি কোনো সন্ধান নাই দেশখনৰ ধনাঢ্য ব্যক্তি তথা সৰ্ববৃহৎ ই-কৰ্মাচ কোম্পানী আলিবাবাৰ মালিক জেক মা’ৰ | চীনৰ ৰাষ্ট্ৰপতি চি জিংপিঙক কঠোৰ সমালোচনা কৰাৰ পাছৰ পৰাই কোনো ৰাজহুৱা স্থানত প্ৰত্যক্ষ কৰা নাই জেক মাক।
যুৱ প্ৰজন্মৰ মাজত অত্যন্ত জনপ্ৰিয় জেক মা চীনৰ প্ৰায়বোৰ ৰাজহুৱা অনুষ্ঠানতে বক্তাৰূপত উপস্থিত থাকে। অনুপ্ৰেৰণামূলক বক্তব্যৰ বাবে যুৱপ্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় জেক মা। বিগত বৰ্ষৰ অক্টোবৰ মাহত চাংঘাইত অনুষ্ঠিত হোৱা এক অনুষ্ঠানক চীন চৰকাৰৰ কিছু বিত্তীয় নীতি-নিয়মক লৈ কঠোৰ সমালোচনা কৰাৰ লগতে চৰকাৰৰ এই দিশত চকু ৰাখিবলৈ আহ্বান জনাইছিল।
ইয়াৰ পাছতেই জেক মাৰ ওপৰত কঠোৰ হৈ পৰিছিল চীনৰ চৰকাৰ। তেওঁৰ প্ৰতিষ্ঠানৰ ওপৰত ইটোৰ পাছত সিটো তদন্ত ঘোষণা কৰি চৰকাৰে তেওৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল | চীনৰ এক সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, চীনৰ ৰাষ্ট্ৰপতিৰ স্পষ্ট নিৰ্দেশৰ পাছতে এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল চীনা প্ৰশাসনে।