বিশ্বনাথত আমছুৰ বান আৰু গড়া খহনীয়াৰ সমস্যাৰ সমাধানৰ দাবীত প্ৰতিবাদইষ্ট ম'জ'
ASSAMESE NEWS
বিশ্বনাথত আমছুৰ বান আৰু গড়া খহনীয়াৰ সমস্যাৰ সমাধানৰ দাবীত প্ৰতিবাদ
উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী -জলসম্পদ মন্ত্ৰীলৈ বান গড়াখহনীয়া সমাধানৰ দাবীত স্মাৰকপত্ৰ
বিশ্বনাথ- বিশ্বনাথ ঘাট-পাণপুৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আমছুৰ কুমলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা সমিতিৰ সহযোগত কুমলীয়াত আয়োজন কৰা হয় প্ৰতিবাদী সভা। উক্ত সভাত বিশ্বনাথৰ বিভিন্ন দল সংগঠনৰ শীৰ্ষ নেতৃ বৰ্গ সকলেও উপস্থিত থাকি সমস্যা সমাধানৰ দাবী জনাই।
সভাৰ অন্তত বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ জল-সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তলৈ ৬ দফীয়া দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।