নগাঁৱত পুনৰ চুৰিকাণ্ড।
নগাঁৱত পুনৰ চুৰিকাণ্ডলুটি নিলে নগদ ৫০ হাজাৰ টকাসহ বহু সোণ আৰু ৰূপৰ অলংকাৰ

নগাঁৱত পুনৰ চুৰিকাণ্ড।

লুটি নিলে নগদ ৫০ হাজাৰ টকাসহ বহু সোণ আৰু ৰূপৰ অলংকাৰ।

জুৰীয়া - নগাঁৱত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ড। দিন দুপৰতে এগৰাকী শিক্ষকৰ ঘৰত চুৰিকাণ্ড। লুটি নিলে নগদ ৫০ হাজাৰ টকাসহ বহু সোণ আৰু ৰূপৰ অলংকাৰ।

নগাঁও জিলাৰ জুৰীয়াত দিন দুপৰতে সংঘটিত হৈছে চুৰিকাণ্ড। শনিবাৰে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এগৰাকী শিক্ষকৰ বাসগৃহত চোৰে চলালে চাফাই অভিযান। আবুল ফজল নামৰ শিক্ষক গৰাকী ঘৰত তলা লগাই বিদ্যালয়লৈ যোৱাৰ পিছতে শিক্ষক গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চুৰিকাণ্ড সংঘটিত কৰে।

ঘৰৰ আলমাৰিৰ তলা ভাঙি চোৰে শিক্ষাক গৰাকীৰ ঘৰৰ পৰা নগদ ৫০ হাজাৰ টকাৰ লগতে ৫ তোলা সোণ আৰু ৰূপৰ অলংকাৰ লুটি নিয়া। জুৰীয়া বজাৰৰ সমীপৰ আবুল ফজল নামৰ শিক্ষক গৰাকীৰ ঘৰৰ চাদ ভাঙি চোৰৰ দলটোৱে ঘৰৰ প্ৰৱেশ কৰিছিল।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com