পাঁচ ভাৰতীয় ক্ৰিকেটাৰক আচুতীয়াকৈ ৰখা হৈছে অষ্ট্ৰেলিয়াতপ্ৰতিনিধিত্বমূলক ছবি
ASSAMESE NEWS
পাঁচ ভাৰতীয় ক্ৰিকেটাৰক আচুতীয়াকৈ ৰখা হৈছে অষ্ট্ৰেলিয়াত
ৰোহিত শৰ্মা, ৰিছভ পন্ট, ছুভমন গীল, পৃথ্বী শ্ব' আৰু নবদ্বীপ ছাহনীৰ বিৰুদ্ধে ক'ভিড প'টকল নমনাৰ অভিযোগ
নিউজ ডেক্স:- অষ্ট্ৰেলিয়া ভ্ৰমণৰত পাঁচ গৰাকী ভাৰতীয় ক্ৰিকেটাৰক ক'ভিড প'টকল নমনাৰ বাবে আচুতীয়াকৈ ৰখাৰ কথা প্ৰকাশ কৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়াই | উল্লেখযোগ্য, এই পাঁচজন ক্ৰিকেটাৰে মেলব'ৰ্নৰ এখন ৰেষ্টুৰেন্টলৈ অনুমতিৰ অবিহনে গৈ খাদ্যগ্ৰহন কৰাৰ ভিডিঅ' আপল'ড কৰিছিল | এইসকলৰ মাজত টীম ইন্ডিয়াৰ ভাই কেপ্টেইন ৰোহিত শৰ্মা, ৰিছভ পন্ট, ছুভমন গীল, পৃথ্বী শ্ব' আৰু নবদ্বীপ ছাহনী আছে |

ৰেষ্টুৰেন্টলৈ অনুমতিৰ অবিহনে গৈ খাদ্যগ্ৰহন কৰাৰ ভিডিঅ' আপল'ড কৰিছিল পাঁচ ভাৰতীয় ক্ৰিকেটাৰেপ্ৰতিনিধিত্বমূলক ছবি
ইয়াৰ প্ৰত্যুত্বৰত বিচিচিআইয়ে প্ৰকাশ কৰা মতে তেওলোকে এই সম্পৰ্কে কোনো ধৰণৰ অনুসন্ধান নকৰে | ক্ৰিকেট অষ্ট্ৰেলিয়াই এই পাঁচজন ক্ৰিকেটাৰক আন খেলুৱৈসকলৰ পৰা আতৰাই ৰখা হৈছে বুলি প্ৰকাশ কৰিছে |তেওলোকক চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱা হৈছে | উল্লেখ্য যে ছিডনীত ৭ জানুৱাৰীৰ পৰা তৃতীয় টেষ্ট আৰম্ভ হ'ব | বৰ্তমান সময়ত দুয়োটা দলৰ সদস্য মেলব'নতে বাহৰ পাতি আছে |