২৬ জানুৱাৰীত প্ৰতিবাদী কৃষকে উলিয়াব ট্ৰেক্টৰ লৈ কৃষাণ পেৰেড
দিল্লী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত কৃষকৰ নেতৃত্বপ্ৰতিনিধিত্বমূলক ছবি

২৬ জানুৱাৰীত প্ৰতিবাদী কৃষকে উলিয়াব ট্ৰেক্টৰ লৈ কৃষাণ পেৰেড

চৰকাৰৰ সৈতে পৰবৰ্তী আলোচনা ৪ জানুৱাৰীত

নিউজ ডেক্স:- কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে দিল্লীত চলি থকা কৃষক বিক্ষোভ বৰ্তমানেও অৱ্যাহত আছে। প্ৰতিবাদী কৃষকসকলে ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ দিনা ট্ৰেক্টৰ লৈ কৃষাণ পেৰেড উলিওৱাৰ কথা ঘোষণা কৰিছে | দিল্লী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত কৃষকৰ নেতৃত্বই চৰকাৰৰ সৈতে আলোচনাত একো মীমাংসা নোলালে এই প্ৰতিবাদ কৰিব বুলি উল্লেখ কৰে | চৰকাৰৰ সৈতে পৰবৰ্তী আলোচনা অহা ৪ জানুৱাৰীত হ'ব উক্ত আলোচনাত সমাধানৰ সুত্ৰ ওলাব বুলি আশা প্ৰকাশ কৰিছে কৃষক নেতা সকলে |

উল্লেখ্য যে আগন্তুক গণতন্ত্ৰ দিৱসত মুখ্য অতিথি ৰূপে যোগদান কৰিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে | সংবাদমেলত কৃষক নেতৃত্বই কয়, ' এতিয়ালৈকে দিল্লী সীমাত বহি কৃষক সকলে প্ৰতিবাদী কাৰ্টসূচী পালন কৰি আহিছে , কিন্তু গণতন্ত্ৰ দিৱসৰ দিনা এই প্ৰতিবাদ দিল্লীৰ ৰাজপথত কৰিবলৈ সিদ্ধান্ত লৈছে '| কৃষক নেতা দৰ্শন পাল সিঙে কয়, 'ট্ৰেক্টৰ লৈ কিষাণ পেৰেড গণতন্ত্ৰ দিৱস পেৰেডৰ পিছতেই কৰিব , য'ত ৰাষ্ট্ৰীয় পতাকা ব্যবহাৰ কৰিব |'

ইয়াৰ মাজতে দিল্লী সীমাঞ্চলত পুণৰ আত্নহত্যা কৰিছে এজন কৃষকে। গাজিয়াপুৰৰ ইউপি গেটত এজন কৃষকে শৌচালয়ত পুনৰ আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে | আত্মহত্যা কৰা এই কৃষকজনৰ নাম কাশ্মীৰ সিং। ৭৫ বছৰীয়া কৃষকজনে তেওঁৰ চুইচাইট নোটত ইয়াৰ বাবে চৰকাৰ জগৰীয়া বুলি উল্লেখ কৰিছে।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com