দেশবাসীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব কভিড ভেকচিন
সম্পূৰ্ণ বিনামূলীয়া হ'ব কভিড ভেকচিনপ্ৰতিনিধিত্বমূলক ফটো

দেশবাসীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব কভিড ভেকচিন

কৰোণা ভাইৰাছৰ ড্ৰাই ৰাণ চলি থকাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰী হৰ্ষবৰ্ধনৰ এই ঘোষণা

নিউজ ডেস্ক- দেশত কোৰোনা ভেকচিন হ'ব সম্পূৰ্ণ বিনামূলীয়া। দেশজুৰি কৰোণা ভাইৰাছৰ ড্ৰাই ৰাণ চলি থকাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰী হৰ্ষবৰ্ধনে এই ঘোষণা কৰে। টিকাকৰণ অভিযানৰ প্ৰথম পৰ্যায়ত কৰোণাৰ ভেকচিন ৫১ লাখ লোকক প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত স্বাস্থ্য়কৰ্মী, ৫০বছৰ বয়সৰ ওপৰৰ লোক, পূৰ্বৰে পৰা স্বাস্থ্য়জনিত সমস্য়াত ভুগি থকা লোকক প্ৰদান কৰা হ'ব এই ভেকচিন।

ইয়াৰ পিছতে কৰোণা ভাইৰাছৰ ভেকচিন প্ৰদানৰ প্ৰথম পৰ্যায়ত ১কোটি স্বাস্থ্য়কৰ্মী, কভিড যুদ্ধত সন্মুখৰ পৰা যুঁজ দিয়া আৰক্ষী, সাংবাদিককে ধৰি ২ কোটি লোকক প্ৰদান কৰা হ'ব এই ভেকচিন।

ইয়াৰ পিছতে অন্তিম পৰ্যায়ত জুলাই মাহৰ লৈকে ২৭ কোটি লোকক এই ভেকচিন প্ৰদান কৰা হ'ব।

উল্লেখ্য় যে ইতিমধ্য়ে সমগ্ৰ দেশৰ ১১৬ খন জিলাত কৰোণা ভাইৰাছৰ ড্ৰাই ৰাণ চলি আছে। ভেকচিনেশ্যনৰ পাছত এয়া হৈছে দেশৰ সবাতোকৈ বৃহত টেষ্ট। ড্ৰাই ৰাণ ৰআৰম্ভ হোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে, দেশত কোৰোনা ভেকচিন হব সম্পূৰ্ণ বিনামূলীয়া।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com