বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী প্ৰতিনিধিত্বমূলক ছবি
ASSAMESE NEWS
অসুস্থ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী চিকিৎসাধীন
হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে হাস্পতালত ভৰ্তি
নিউজ ডেক্স:- নতুন বছৰৰ দ্বিতীয় দিনটোতেই গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হবলগা হৈছে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী। শনিবাৰে বুকুৰ বিষত আক্ৰান্ত হোৱাৰ পিছতে গাংগুলীক কলকাতাৰ উদলেণ্ড হাস্পতালত ভৰ্তি কৰা হৈছে।
বুকুৰ বিষত আক্ৰান্ত হ’লেও প্ৰকৃত শাৰীৰিক সমস্যাৰ বিষয়ে এতিয়ালৈকে উদলেণ্ড হাস্পতালে কি সমস্যাত ভুগিছে তাক প্ৰকাশ কৰা নাই। প্ৰাথমিক অনুসন্ধানৰ অন্তত তেওঁ হৃদৰোগত আক্ৰান্ত হোৱা বুলি চিকিৎসকে ব্যক্ত কৰিছে।
প্ৰাক্তণ টীম ইন্ডিয়াৰ কেপ্তেইন স্বাস্থ্যক্ষেত্ৰত চোৱাচিতা কৰিবৰ বাবে ৩ গৰাকী চিকিৎসকৰ এখন কমিটী গঠন কৰি দিয়া হৈছে। এই কমিটীত আছে জ্যেষ্ঠ চিকিৎসক ডাঃ সৰোজ মণ্ডল। চিকিৎসালয় সুত্ৰে গাংগুলীৰ স্বাস্থ্য বৰ্তমানেও সুস্থিৰ হৈ আছে বুলি প্ৰকাশ কৰিছে |