সন্ত্ৰাসবাদী জাকিউৰ ৰহমান লাখভিফাইল ফটো
ASSAMESE NEWS
মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড জাকিউৰ ৰহমান লাখভিক পাকিস্তানত গ্ৰেপ্তাৰ
পাকিস্তানত গ্ৰেপ্তাৰ কুখ্যাত সন্ত্ৰাসবাদীটো
নিউজ ডেস্ক- কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লাখভি-ই-তৈবাৰ অপাৰেচন কামাণ্ডাৰ জাকি-উৰ ৰহমান লাখভিক গ্ৰেপ্তাৰ। সন্ত্ৰাসবাদ প্ৰতিৰোধী বিভাগে(CTD) পাকিস্তানত গ্ৰেপ্তাৰ কৰে লাখভিক। ২০০৮ চনৰ ২৬/১১ মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল জাকি-উৰ ৰহমান লাখভি।
দীৰ্ঘদিনধৰি লাখভিয়ে ধন যোগান ধৰি সন্ত্ৰাসবাদীক সহায় কৰি আহিছিল। এই অপৰাধত পঞ্জাৱ সন্ত্ৰাসবাদ প্ৰতিৰোধী বিভাগে(CTD) অভিযান চলাই গ্ৰেপ্তাৰ কৰে লাখভিক। পিছে পাকিস্থানৰ কোন ঠাইৰ পৰা সন্ত্ৰাসবাদীটোক আক্ৰমণ কৰা হৈছে এই সন্দৰ্ভত একো তথ্য় জনোৱা নাই CTDয়ে। উল্লেখ্য় যে ২০১৫ চনৰ পৰা জামিনত আছিল জাকি-উৰ ৰহমান লাখভি।