উগ্ৰপন্থীৰ সন্মুখলৈ পঠোৱা এছ পি অ' সকলক লৈ চৰকাৰে কিবা কৰিবনে
লাষ্টগেটত এছ পি অ' ৰ পাপ্যৰ বাবে প্ৰতিবাদইষ্ট ম'জ

উগ্ৰপন্থীৰ সন্মুখলৈ পঠোৱা এছ পি অ' সকলক লৈ চৰকাৰে কিবা কৰিবনে

উগ্ৰপন্থীৰ গুলীত নিহতক এতিয়াও নিদিলে শ্বহীদৰ মৰ্য্যদা

নিউজ ডেক্স:- উগ্ৰপন্থী দমনৰ নামত নিযুক্তি দিয়া অসম বিশেষ আৰক্ষী বিষয়া সকলে স্থায়ী সংস্থাপনৰ বাবে কৰি অহা সংগ্ৰামে আৰু এটা বছৰ পাৰ হ'ল | পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰলৈকে কোনো চৰকাৰেই তেওলোকৰ দাবীক গুৰুত্ব সহকাৰে নললে | যি সময়ত অসমৰ পাৰ্বত্য জিলা কেইখনত উগ্ৰপন্থীৰ কাৰ্যকলাপে গ্ৰাস কৰি আছিল সেই সময়ত ৰাজ্য চৰকাৰে এই সকল এছ পি অ' ক উগ্ৰপন্থীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সম্পূৰ্ণ প্ৰশিক্ষণ দি কামত লগাইছিল |

লামডিং শিলচৰ ব্ৰডগজ লাইন , চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকা সময়ত এইসকল এছ পি অ'ই বিশেষ ভাবে সুৰক্ষা দি উগ্ৰপন্থীৰ বাবে আধাতেই কাম বন্ধ কৰি থোৱা কাম সম্পূৰ্ণ কৰাত বিশেষ ভূমিকা লৈছিল | এই কাৰ্য কৰিবলৈ যাওতে বহুজন উগ্ৰপন্থীৰ গুলীত মৃত্যুক আঁকোৱালী লব লগা হৈছিল | সেই সকলকো শ্বহীদৰ স্বীকৃতি আজিলৈকে নিদিলে চৰকাৰে | পাহাৰীয়া অঞ্চলটোত কাম কৰি থকা সময়ত বহুজনে বেমাৰৰ সন্মুখীন হৈও মৃত্যুক সাবতিব লগা হয় | কামৰূপ মেট্ৰৰ বিৰাজ দাস নামৰ লোক জনে উগ্ৰপন্থীৰ গুলী খাই আজি হুইল ছিয়াৰত জীৱন কটাব লগা হৈছে |

অসম বিশেষ আৰক্ষী বিষয়াৰ পাপ্যৰ বাবে প্ৰতিবাদ
অসম বিশেষ আৰক্ষী বিষয়াৰ পাপ্যৰ বাবে প্ৰতিবাদইষ্ট ম'জ

এই এছ পি অ' সকলক অঞ্চলটোত উগ্ৰপন্থীৰ কাম কাজ প্ৰায় নাইকীয়া হৈ পৰাৰ ফলত তেওলোকৰো কাম কাজ নাইকীয়া হৈ পৰে | তেওলোকক কি কৰিব তাক লৈ নিযুক্তি দিয়া কংগ্ৰেছ চৰকাৰে গুৰুত্বই নিদিলে | যাৰবাবে ৰাজপথলৈ নামিবলৈ বাধ্য হ'ল এছ পি অ' সকল | প্ৰথম অবস্থাত আন্দোলনৰ ভয়ানক ৰূপ দেখি চৰকাৰে কিছু আলোচনা আগবঢ়াইছিল | ২০১২ চনত স্থায়ী সংস্থাপনৰ বাবে গঠন কৰা তৃতীয় এ এছ আৰ এফ বেটেলিয়ানৰ কাম ২০১৮ চনত সম্পূৰ্ণ ৰূপে বন্ধ কৰে | সেই সময়ত তৃতীয় এ এছ আৰ এফৰ বাবে স্বাক্ষৰ কৰা জ্ঞানেন্দ্ৰ দেব ত্ৰিপাঠী আই পি এছ অজিত প্ৰসাদ ৰাউত চুক্তি এতিয়া অসাৰ |

কংগ্ৰেছ চৰকাৰে এনেদৰেই জোৰাতাপলি মাৰি এই এছ পি অ' সকলক লৈ হেতালী খেলাৰ পিছত আহিল বিজেপি চৰকাৰ , সেই চৰকাৰ খনেও বহু প্ৰতিশ্ৰুতি দিলে | মুখ্যমন্ত্ৰীৰ সৈতেও বহুবাৰ চেষ্টা কৰিও নাপালে সাক্ষাৎ |

দেশ মাতৃৰ কাৰণে উগ্ৰপন্থীৰ সন্মুখলৈ পঠিওৱা এইসকল এছ পি অ'ক যোৱা সময়চোৱাত কিয় অসম আৰক্ষীত নিযুক্তি নিদিলে তাৰ উত্তৰ আজিলৈকে নিদিলে ৰাজ্য চৰকাৰে | উগ্ৰপন্থীৰ সৈতে মোকাবিলা কৰিবৰ বাবে তেওলোকক সকলোধৰণৰ প্ৰশিক্ষণ দিছিল , তাৰ পিছতো সদৌ অসম বিশেষ আৰক্ষী বিষয়া সকলে আজি পেটত গামোচা মাৰিব লগা অবস্থা হৈছে | ইয়াৰ উত্তৰ বিচাৰি থাকোতেই আৰু এটা বছৰ পাৰ হ'ল |

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com