ভেকচিন লোৱাৰ পিছতো কভিড-১৯ত সংক্ৰমিত হ'ল এগৰাকী নাৰ্ছ
নিউজ ডেস্ক- কভিড-১৯ৰ প্ৰতিষেধক লোৱাৰ পাছতো কৰোণা ভাইৰাছত সংক্ৰমিত হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী নাৰ্ছ। যোৱা ১৮ডিচেম্বৰত নাৰ্ছগৰাকীয়ে লৈছিল কভিড-১৯ৰ ভেকচিন। ঔষধ নিৰ্মাতা কম্পেনী 'ফাইজাৰে' নিৰ্মাণ কৰা ভেকচিন লোৱাৰ সাত দিনৰ পাছতে নাৰ্ছগৰাকীৰ দেহত দেখা দিয়ে কভিড-১৯ৰ লক্ষণ।
কভিড-১৯ত সংক্ৰমিত হোৱা নাৰ্ছগৰাকীৰ নাম মেথিউ ডব্লিউ । তেওঁ ছেন ডিয়াগৰ দুখন বেলেগ বেলেগ হস্পিতালত জৰুৰীকালীন বিভাগত কাম কৰে মেথিউৱে। ভেকচিন লোৱাৰ পাছতে মেথিউৱে বাহুত অলপ বিষ অনুভৱ কৰিছিল। কিন্তু তেওঁৰ শৰীৰত কোনো ছাইড এফেক্ট দেখা দিয়া নাছিল।
ভেকচিন লোৱাৰ ঠিক ছয় দিনৰ পাছত মেথিউৰ দেহত কভিড-১৯ৰ লক্ষণে দেখা দিবলৈ ধৰে। তেওঁৰ ভাগৰ লাগিবলৈ ধৰে লগতে অলপ ঠাণ্ডা অনুভৱ কৰে। তেওঁ কভিড১৯ টেষ্ট কৰে আৰু কভিড-১৯ টেষ্টৰ ৰিপৰ্ট তেওঁৰ পজিটিভ আহে।
ছেন ডিয়াগৰ ৰোগ বিশেষজ্ঞ ডাঃ খ্ৰীষ্টিয়ান ৰেমাৰছে এই সন্দৰ্ভত কয়, 'ভেকচিনে শৰীৰত কাম কৰিবলৈ ১৪ দিন সময় লয়। সম্ভৱ মেথিউ ভেকচিন লোৱাৰ পূৰ্বেই কভিড১৯ৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ আছিল।'
' প্ৰথম ড'জ লোৱাৰ ১৪দিনৰ পাছত দ্বিতীয় ড'জ দিয়া হয়। প্ৰথম ড'জে শৰীৰত ৫০% সুৰক্ষা দিয়ে আৰু দ্বিতীয় ড'জে ৯৫% কাম কৰে। এই ভেকচিন মানৱ শৰীৰত কিছু ধীৰ গতিৰে ক্ৰিয়া কৰে।'
উল্লেখ্য় যে ফাইজাৰৰ এই কভিড ভেকচিন জাৰ্মান কম্পেনী বায়'এনটেকৰ দ্বাৰা অনুমেদিত। ইতিমধ্য়ে 'ফাইজাৰ'ৰ এই কভিড ভেকচিনৰ বাবে বৃটেইন,কানাডা,মেক্সিকো, ছৌডি আৰবে অনুমোদন দিছে। ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান ফাইজাৰেয়ো এই ভেকচিন ভাৰতত অনুমোদন কৰিবলৈ 'Drugs Controller General of India' লৈ পত্ৰ প্ৰেৰণ কৰিছে।