বড়ো ভাষাক সহযোগী ভাষা হিচাপে স্বীকৃতি অসম বিধানসভাৰ
বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃত প্ৰতিধিত্বমূলক ছবি

বড়ো ভাষাক সহযোগী ভাষা হিচাপে স্বীকৃতি অসম বিধানসভাৰ

বঙালী ভাষাক সহযোগী ভাষাৰ দাবীৰে কংগ্ৰেছী বিধায়ক কমলাক্ষ্য দেব পুৰকায়স্থৰ সদন ত্যাগ

নিউজ ডেক্স:- অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ বুধবাৰে অন্তিম দিনা গৃহীত হ'ল অসমত বড়ো ভাষা সহযোগী ভাষা হিচাপে ৷

সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সংশোধনী প্ৰস্তাৱ আনিছিল কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰুকায়স্থই ৷ নিজ সংশোধনী প্ৰস্তাৱত পুৰুকায়স্থই কয়- “বড়ো ভাষাক সহযোগী কৰাত আমাৰ আপত্তি নাই ৷ কিন্তু বঙালী ভাষীৰ সংখ্যা অসমত বহুত ৷ সেয়ে বাংলা ভাষাকো সহযোগী হিচাপে স্বীকৃতি দিব লাগে ৷”

ইয়াৰ উত্তৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় - “BTR চুক্তি মতেহে বড়ো ভাষাক সহযোগী ভাষা কৰা হৈছে ৷ এই চুক্তিৰ জৰিয়তে অসমত শান্তি আহিছে ৷ এটা সময়ত অসম বিভাজনৰ বাবে দাবী উঠিছিল ৷ BTR চুক্তিৰ জৰিয়তে অসম একত্ৰিত হৈছে ৷ ইয়াক সন্মান জনাব লাগে ৷ বিৰ্তক কৰিব নালাগে কোনোৱে।

বিত্ত তথা শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত কয়,

বড়ো ভাষা অসমৰ সংৰক্ষিত অঞ্চলত কংগ্ৰেছৰ দিনতে ১৯৮৫তে চৰকাৰী ভাষা আছিল ৷ এতিয়া সেই সীমাবদ্ধতা উঠাই দি সমগ্ৰ অসমতে সহযোগী ভাষা কৰা হৈছে ৷ ভূমিপুত্ৰক কিবা এটা দিলে বাকীসকলৰ মনত আকোৰগোজ মনোভাব থাকিব নালাগে ৷

বিৰোধী দলপতিক অনুৰোধ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, বড়ো জাতিৰ প্ৰতি সন্মান জনাই সংশোধনী প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাই |

ইয়াৰ পিছতেই কমলাক্ষ দেব পুৰকায়স্থৰ সংশোধনী প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ ইয়াৰ লগে লগে শাসক-বিৰোধীৰ প্ৰস্তাৱ ক্ৰমে সদনত গৃহীত হয় বড়ো ভাষা অসমৰ সহযোগী ভাষা হিচাপে ৷

ইয়াৰ বিপৰীতে কিন্তু নিজৰ দাবীত অটল থাকে সদনৰ মজিয়াত বিধায়ক কমলাক্ষ দেব পুৰকায়স্থ ৷বাঙালী ভাষাক ৰাজ্যৰ সহযোগী ভাষা কৰাৰ দাবীৰে শেষত সদন ত্যাগ কৰে কংগ্ৰেছী বিধায়ক জনে |

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com