আগ্ৰাত মহিলা চিকিৎসকক নৃশংস ভাবে হত্য়া
মহিলা চিকিৎসকক নৃশংস ভাবে হত্য়াচিকিৎসকক হত্য়া

আগ্ৰাত মহিলা চিকিৎসকক নৃশংস ভাবে হত্য়া

নিজ গৃহতেই দুৰ্বৃত্তই চুৰীৰে ডিঙি ৰেপি হত্য়া কৰিলে চিকিৎসকগৰাকীক

নিউজ ডেস্ক- উত্তৰপ্ৰদেশৰ আগ্ৰাত নৃশংস ঘটনা। চুৰিকাঘাট কৰি নিজ গৃহতেই হত্য়া মহিলা চিকিৎসকক। ৩৮ বছৰীয়া দন্ত চিকিৎসকগৰাকীৰ নাম ডাঃ নিশা সিংহল। শুকুৰবাৰে দুপৰীয়া টিভিৰ ছেটআপ বক্সৰ ৰিচাৰ্জ কৰাৰ চলেৰে নিশা সিংহলই প্ৰৱেশ কৰে চিকিৎসকগৰাকীৰ বাসগৃহত।

লুটপাট কৰাৰ চলেৰে বাসগৃহত প্ৰৱেশ কৰি দুৰ্বৃত্তই চুৰীৰে আক্ৰমণ কৰে চিকিৎসকগৰাকীক। দুৰ্বৃত্তই চিকিৎসকগৰাকীৰ দুই সন্তানকো আক্ৰমণ কৰে। গুৰুতৰ ভাৱে আহত হয় আঠ বছৰীয়া এনিশা আৰু চাৰি বছৰীয়া অদ্য়য়।ঘটনাৰ সময়ত নিশা সিংহলৰ চিকিৎসক স্বামী অজয় সিংহল হাস্পতালতে আছিল।

ঘটনা অনুসৰি প্ৰায় এঘন্টা সময় ধৰি দুৰ্বৃত্তই লুটপাট চলাই চিকিৎসকগৰাকীৰ বাসগৃহত। সেই সময়ত তেজেৰে লুটুৰী-পুটুৰী মৃতু্্য়ৰ সৈতে যুঁজি মজিয়াত পৰি আছিল চিকিৎসকগৰাকী। দুৰ্বৃত্তটো গুচি যোৱাৰ পিছত স্বামীলৈ ফোন কৰে চিকিৎসকগৰাকীয়ে। আধা ঘন্টাৰ পিছত স্বামী অজয় সিংহল উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে আৰু পত্নীসহ দুই সন্তানক চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয় পোৱাৰ আগতেই ডাঃ নিশা সিংহলৰ মৃতু্্য় হয়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰে আৰু চিচিটিভিৰ ফুটেজ প্ৰত্য়ক্ষ কৰি গ্ৰেপ্তাৰ কৰে শুভম পাঠক নামৰ দুৰ্বৃত্তটোক।

এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তণ মুখ্য়মন্ত্ৰী অখিলেশ যাদৱে। শিৰ্ঘ্ৰেই ৰাজ্য়খনত ঘটি থকা অপৰাধ নিয়ন্ত্ৰণৰ বাবে চৰকাৰক দাবী জনায় প্ৰাক্তণ মুখ্য়মন্ত্ৰীগৰাকীয়ে।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com