নলবাৰীৰ অমিয়াপুৰৰ পাঞ্জাৱ নেচনেল বেংকত ডকাইটি কাণ্ড
নলবাৰীত ডকাইটি কাণ্ডঅমিয়াপুৰৰ পাঞ্জাৱ নেচনেল বেংকত ডকাইটিৰ ঘটনা

নলবাৰীৰ অমিয়াপুৰৰ পাঞ্জাৱ নেচনেল বেংকত ডকাইটি কাণ্ড

পিষ্টল দেখুৱাই দিন দুপৰতে লুটি নিলে ৬০ লাখ টকা।

নলবাৰী- নলবাৰী অমিয়াপুৰৰ পাঞ্জাৱ নেচনেল বেংকত ডকাইটিৰ ঘটনা। দিন দুপৰতে পিষ্টল দেখুৱাই বেংকৰ পৰা লুটি নিলে ৬০ লাখ টকা।

গুলী ফুটাই চাৰিজনীয়া এটা দলে লৈ গ'ল ধন। ডকাইতৰ গুলীত আহত এজন৷ আহতজন নয়ন দাস বুলি জানিব পৰা গৈছে৷

ঘটনাস্থলীত উপস্থিত হয় নলবাৰী আৰক্ষী অধীক্ষক অমনজিৎ ক’ৰ সহ আৰক্ষীবিষয়া।

বেংকৰ ভিতৰৰ পৰা উদ্ধাৰ এটা সক্ৰিয় নাইন এম এমৰ গুলী৷ বৰ্তমানলৈকে আৰক্ষীয়ে ডকাইটৰ দলটোৰ এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com