ব্রহ্মপুত্রত বৃহদাকাৰ শিৱ লিংগ উদ্ধাৰ
ব্রহ্মপুত্রত বৃহদাকাৰ শিৱ লিংগ উদ্ধাৰউদ্ধাৰ হোৱা শিৱ লিংগটো

ব্রহ্মপুত্রত বৃহদাকাৰ শিৱ লিংগ উদ্ধাৰ

ব্রহ্মপুত্রৰ পাৰত কালি এটা বৃহদাকাৰ শিৱ লিংগ উদ্ধাৰ হয়

গুৱাহাটী - ব্রহ্মপুত্রৰ পাৰত কালি এটা বৃহদাকাৰ শিৱ লিংগ উদ্ধাৰ হয়৷ পৌৰ নিগমৰ চাফাই কর্মীয়ে জাবৰ পৰিষ্কাৰ কৰি থকা সময়তেই লাচিত ঘাটৰ সমীপত জাবৰৰ দ’মৰ মাজত শিৱ লিংগটো উদ্ধাৰ হয়৷

শিৱ লিংগটো উদ্ধাৰৰ পাছতেই একাংশ লোকে চাবলৈ ভিৰ কৰাৰ লগতে পূজা-অর্চনাও কৰে৷ কিন্তু ব্রহ্মপুত্রৰ পাৰলৈ লিংগটো ক’ৰ পৰা আহিল, সেইক্ষেত্রত ৰহস্যৰ সৃষ্টি হৈছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে প্রাথমিক তদন্ত আৰম্ভ কৰিছে৷

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com