'আলু-পিঁয়াজৰ ব্যৱসায়ীক জেদ কেটেগৰীৰ সুৰক্ষা প্ৰদান কৰক '
মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদEAST MOJO

'আলু-পিঁয়াজৰ ব্যৱসায়ীক জেদ কেটেগৰীৰ সুৰক্ষা প্ৰদান কৰক '

মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত আহোম সেনাৰ ব্যংগাত্মক প্ৰতিবাদ

শিৱসাগৰ- ৰাজ্যত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগে লগে আলু-পিঁয়াজৰ বৰ্দ্ধিত মূল্য়ই কোঙা কৰিছে সাধাৰণ জনতাক। সেয়ে শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যংগাত্মক প্ৰতিবাদ কৰে আহোম সেনাই।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদEASTMOJO

এই প্ৰতিবাদত আহোম সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সদস্য় অংকুৰ ফুকনে কয়, 'বৰ্তমান আলু-পিঁয়াজ হীৰাৰ দৰে মূল্যবান হৈ পৰিছে।এনে মূল্যৱান সামগ্ৰীৰ সুৰক্ষাৰ বাবে আলু-পিঁয়াজৰ ব্যৱসায়ী আৰু তেওঁলোকৰ গুদাম সমূহক জেদ+ সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰক।'

লগতে প্ৰতিবাদকাৰীসকলে আলু-পিঁয়াজ পৰিবহণ কৰা ঠেলাগাড়ী সমূহকো সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰলৈ ব্যংগাত্মক দাবী উত্থাপন কৰে।

আহোম সেনাই আলু-পিঁয়াজ পৰিবহণ কৰা ঠেলাগাড়ীকো কঠোৰ সুৰক্ষাৰ মাজেৰে আগবঢ়াই নি মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক কটাক্ষ কৰে।

আহোম সেনাই এই প্ৰতিবাদৰ জৰিয়তে অনতিপলমে মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com