২০১৯ ৰ ৩১ আগষ্টত সংঘটিত হোৱা দেবেন দত্তৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য কঁপাই তুলিছিল
২০১৯ ৰ ৩১ আগষ্টত সংঘটিত হোৱা দেবেন দত্তৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য কঁপাই তুলিছিল|প্ৰয়াত ডাঃ দেবেন দত্ত
ASSAMESE

ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ ৰায় - ২৫ জনক দোষী সাব্যস্ত

২০১৯ ৰ ৩১ আগষ্টত সংঘটিত হোৱা দেবেন দত্তৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য কঁপাই তুলিছিল

Rangman Das

গুৱাহাটী - লোমহৰ্ষক ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ ঐতিহাসিক ৰায় প্ৰদান। কালি যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ ৰবীন ফুকনে প্ৰদান কৰে এই ৰায়।

উল্লেখ্য যে টীয়ক আৰক্ষী থানাৰ কেচ নং ৪৩৪/২০১৯ৰ Assam Medicare Service Personsons & Medicare Service Institutions আইন, ২০১১ৰ ৩০২/৩৪১/৩৪২/৩৫৩/৪২৭/৫০৬/১৪৩/১৪৪/১৪৭/১৪৮ r/w ১৪৯/১৮৬/১০৯, ৪ নং ধাৰাৰ অধীনত ২৫ জন লোকক দোষী সাব্যস্ত কৰা হৈছে।

অহা ১৯ অক্টোবৰত অভিযুক্ত লোককেইজনৰ শাস্তি ঘোষণা কৰা হ’ব।

উল্লেখ্য যে, ২০১৯ ৰ ৩১ আগষ্টত সংঘটিত হোৱা দেবেন দত্তৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য কঁপাই তুলিছিল আৰু দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত বিক্ষোভৰ সৃষ্টি হৈছিল।

Eastern Range ৰ ডিআইজি ডাঃ শিৱ প্ৰসাদৰ নেতৃত্বত অসম আৰক্ষীৰ দলে এই সমগ্ৰ বিষয়ত তদন্ত কৰিছিল। ঘটনা সন্দৰ্ভত ২১ ছেপ্টেম্বৰ ২০১৯ ত ৬০২ পৃষ্ঠাৰ এক চার্জশ্বিট দাখিল কৰিছিল।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

EastMojo
www.eastmojo.com