মহানগৰীত আবকাৰী বিভাগৰ অভিযান: দুজনক আটক
ৰাজহুৱা স্থানত সুৰাপান কৰা অৱস্থাত ৬ জন লোকক আটকঘটনাস্থলীত গ্ৰেপ্তাৰ হোৱা লোকজন

মহানগৰীত আবকাৰী বিভাগৰ অভিযান: দুজনক আটক

ৰাজহুৱা স্থানত সুৰাপান কৰা অৱস্থাত ৬ জন লোকক আটক

গুৱাহাটী - কালি নিশা কামৰূপ মহানগৰ জিলাৰ উপ আবকাৰী অধীক্ষক অনন্ত কলিতাৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰই বশিষ্ঠ অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায়।

অভিযানত বুজন পৰিমাণৰ চুলাই মদ জব্দ কৰাৰ লগতে এগৰাকী মহিলা সহ দুজন সুৰা বিক্রেতাক আটক কৰিবলৈ সক্ষম হয় ।

লগতে উক্ত অভিযানত ৰাজহুৱা স্থানত সুৰাপান কৰা অৱস্থাত ৬ জন লোকক আটক কৰা হয়। সুৰা বিক্রেতা দুজনৰ বিৰুদ্ধে অসম আবকাৰী এই ৫১ (১) ক ৰ অধীনত গোচৰ ৰজু কৰি আদালতত হাজিৰ কৰোৱাৰ পিছতে জেললৈ প্ৰেৰণ কৰা হয়।

আনহাতে উক্ত সুৰাপায়ীসকলৰ বিৰুদ্ধে আবকাৰী আইন ৬১ (ক) ৰ অধীনত ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত জৰিমনা বিহা হয়।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com