চিৰাঙত আৰক্ষীৰ অভিযান, ড্ৰাগছ সহ আটক এজন
হাইদৰ আলী নামৰ যুৱক জনৰ পৰা ২০ টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কন্টেইনাৰ সহ নগদ ১৩০৩০ টকা আৰু এটা মোবাইল ফোন জব্দজব্দহোৱা সামগ্ৰীখিনি

চিৰাঙত আৰক্ষীৰ অভিযান, ড্ৰাগছ সহ আটক এজন

হাইদৰ আলী নামৰ যুৱক জনৰ পৰা ২০ টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কন্টেইনাৰ সহ নগদ ১৩০৩০ টকা আৰু এটা মোবাইল ফোন জব্দ

চিৰাং - চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাত আৰক্ষীৰ অভিযান। কালি সন্ধিয়া ৫.৩০ বজাত বৰতালোৱা জামে মছজিদৰ সন্মুখৰ পথত আৰক্ষীয়ে চলায় অভিযান । জিলাখনৰ ছাতিপুৰ গাঁওৰ হাইদৰ আলী নামৰ যুৱক জনৰ পৰা ২০ টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কন্টেইনাৰ সহ নগদ ১৩০৩০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে ।

চিৰাং জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানটোত ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম, ঢালিগাঁও থানাৰ অচি বিজিত দাধৰা উপস্থিত থাকে । এই বাতৰি লিখা সময়লৈকে আৰক্ষীৰ অভিযান অব্যাহত আছে ।

উল্লেখ্য যে, যোৱা ৮ অক্টোবৰত ছাতিপুৰ গাঁওৰ পৰা বুজন পৰিমাণৰ নিচা জাতীয় বড়ি সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । পুনৰ আজি ড্ৰাগছ সহ ছাতিপুৰ গাঁওৰ যুৱকক গ্ৰেপ্তাৰৰ ঘটনাই অঞ্চলটোত যে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি আছে তাকে প্ৰমাণ কৰিছে । স্থানীয় লোকে এই ড্ৰাগছৰ স’তে জড়িত সকলো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে আৰক্ষীৰ ওচৰত দাবী জনাইছে ।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com